মাথোন আশা পথলৈ হেপাহেৰে চাই আছিল। আকৌ কেতিয়াবা দেশভক্ত ফুকনক কংগ্ৰেছৰ অগ্ৰণী নেতা স্বৰূপে ঘুৰাই পাব। অৱশেষত দেশবাসীৰ কানুনয় সানুনয় আৱাহনত তেওঁ পূৰ্ণ মাত্ৰাই কংগ্ৰেছত যোগ দি পুনৰাই কংগ্ৰেছৰ গৌৰৱ সমবৃদ্ধি কৰে।
সামাজিকত
ইংৰাজী ১৯০৪ চনত বিলাতৰ পৰা ঘূৰি অহাত গুৱাহাটীৰ বিখ্যাত খাৰঘৰীয়া বংশৰ ব্ৰাহ্মণ সন্তান সৰ্ব্ব গুণৱাণ তৰুণৰাম ফুকনৰ ভাগ্য সুপ্ৰসন্ন আছিল। সমাজে আনকি নিজৰ পিতৃয়েও আনন্দ বৰুৱাক জাতি দান নিদিছিল। তৰুণৰাম ফুকনে সামান্য প্ৰায়শ্চিত্ত হৈয়েই দেশৰ তথা জাতিৰ বুকুস্থান লব পাৰিলে। ইয়াতেই লক্ষ্য কৰিব লগীয়া যে ফুকন যেতিয়া বিলাতৰ পৰা ফিৰি আহে, তেতিয়৷ দেশত সনাতনী ভাৱ নৰম পৰিবলৈ আৰম্ভ কৰিছিল।
সামাজিকতাৰ বাবে, তৰুণৰাম ফুকন সুবিখ্যাত আছিল। তেওঁ ওখ, চাপৰ দেশী-বিদেশ - সকলো সমাজতে সবাৰে যথাযোগ্য সৌজন্যপূৰ্ণ আচৰণ দেখুৱাত সিদ্ধহস্ত আছিল। কথাই বাৰ্তাই তেও সদায় অতি সুৰচিক পুৰুষৰ চিনাকি দিছিল। ইংৰাজী ১৯০৭ চনত অসমীয়াৰ জ্ঞান আদৰ্শৰ চানেকী পুৰুষ ৰায় বাহাদুৰ জগন্নাথ বৰুৱাৰ তিৰোভাৱ হয়। তেখেতৰ শৱসৎকাৰ ক্ৰিয়াত কলিকতাৰ গঙ্গা নদীৰ পাৰৰ নিমতলা শশ্মান ঘাটত তৰুণৰাম ফুকনো উপস্থিত আছিল। তেতিয়া তেও কলিকতাত বেৰিষ্টাৰ। তালৈ কালিঘাটৰ পৰা এজন ব্ৰাহ্মণ অনাইছিল। কিন্তু তেওৰ হতুৱাই কোনো কাৰ্য্য কৰাৰ প্ৰয়োজন নোহোৱাত, তেওক যোগ্য মতে দক্ষিণা আৰু অহা যোৱা খৰচ দি বিদায় দিলে। ব্ৰাহ্মণ জনে আৰু কিছু প্ৰাপ্তিৰ আশাৰে দাবী কৰি পেৰি আছিল। তেতিয়া ফুকনে ব্ৰাহ্মণ জনক কলে ঠাকুৰ তুমি আৰু কি চাও? তোমাক এজনী বিয়া