সমললৈ যাওক

পৃষ্ঠা:দেশভক্ত তৰুণৰাম ফুকন.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
দেশভক্ত তৰুণৰাম ফুকন

পতাকা আনন্দেৰে আকাশত উৰাই দিয়া। তাত ডাঙৰ ডাঙৰ সোণালী আখৰেৰে লিখি লোৱা “তৰুণৰাম ফুকন” আমাৰ উন্নতি অনিবাৰ্য্য। জীৱাই থাকোতে তেওঁ যি ফল অর্জ্জিব নোৱাৰিলে সেই ফল আজি তেওঁৰ দৃষ্টান্তই লাভ কৰোক।

 পিতৃ-মাতৃৰ বেয়া সস্তানলৈকো মৰম লাগে, গুণী হলে সীমাই নাই। তৰুণৰাম ফুকন অসমৰ বৰ বেথাৰ পুত্ৰ ৷ তেওঁ অসমীয়াৰ আপোন। তেওঁক অসমীয়াই মৰমতে এৰিব নোৱাৰে। অসমীয়াৰ ভিতৰত আজিলৈকে সেই এজনা মাথোন ৰাজনৈতিক অৱতাৰ হৈছিল। তেওঁক অসমীয়াই অকালতে হেৰুৱালে। তেওঁৰ নামটিও অকালতে নুমাব নেকি? তেওঁক অসমীয়াই পাহৰিব লাগে নেকি? তেওঁৰ মহৎ জীৱনৰ দৃষ্টান্তে অসমীয়াৰ ভিতৰত আৰু তৰুণৰাম ফুকন স্ৰজিব নোৱাৰে নেকি?


সাংসাৰিক জঞ্জালত

 জীৱনৰ শেহৰ কেইবছৰ মানৰ পৰা ইটোৰ পাছত সিটোকৈ পাৰিবাৰিক দুৰ্ঘটনা, সাংসাৰিক জঞ্জালে ফুকনক চাৰিওফালৰ পৰা বেঢ়ি ধৰিছিল। তেখেতৰ সহধৰ্ম্মিণী, জ্যেষ্ঠ কন্যা প্রতিভা দেবী, চেনেহৰ বৰজোৱাই ৺লক্ষ্মীধৰ শৰ্ম্মা, ৰাম লক্ষণৰ দৰে মিলাপ্ৰীতিৰে বাস কৰা ককাইদেৱেক নবীন ফুকন এই সকলোৱে ফুকনক এৰি সংসাৰৰ পৰা আঁতৰি গল। বাৰে পাচি পাৰিবাৰিক আলৈ আহুকাল, আর্থিক বিপৰ্যায়ৰ বাবেই হওক নাইবা ৰাজনৈতিক মতভেদৰ বাবেই হওক ফুকন ডাঙৰীয়াৰ মাজতে বছৰদিয়েক কংগ্ৰেছৰ পৰা আতৰি থকাত দেশবাসীয়ে তেখেতৰ নেতৃত্বৰ অভাৱ বৰকৈ অনুভৱ কৰিছিল। তেখেতৰ অন্তৰৰ অন্তঃস্থলতো হয়তো তেখেতৰ অতি মৰমৰ হেপাহৰ কংগ্ৰেছ আৰু সহকৰ্ম্মী সকলৰ বিচ্ছেদৰ বিষম যন্ত্ৰণা গুমৰি গুমৰি আছিল। ৰাজনৈতিক ক্ষেত্ৰত এনে ধৰণৰ বিপৰ্যায় ঘটাতো একো আচৰিত নহয় কিন্তু ফুকনৰ ওপৰত কোনেও কস্মিন কালেও আক্রোশ বা বিদ্বেষৰ ভাব পোষণ কৰা নাছিল। সকলো