সমললৈ যাওক

পৃষ্ঠা:দেশভক্ত তৰুণৰাম ফুকন.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
দেশভক্ত তৰুণৰাম ফুকন

দেবী-ফুকনীক বিয়া কৰায়। তেওঁলোকৰ সন্তান সন্ততি ডাঙৰ পুতেক শ্ৰীযুত বলেন্দ্ৰৰাম ফুকন বি, এ সৰু পুতেক শ্ৰীনৃপেন্দ্ৰৰাম ফুকন, প্ৰতিভা আৰু ৰেণুকা নামে দুজনী ছোৱালী। প্ৰতিভা দেবীক বিয়া কৰায় তেজপুৰ দেশহিতৈষী লক্ষীধৰ শৰ্ম্মা উকীল। আৰু ৰেণুকা দেবীক বিয়া কৰায় নগাওঁৰ শ্ৰীযুত মহেন্দ্ৰনাথ শৰ্ম্মা উকীল। তৰুণ ফুকনে সুখময় যৌবন কালত যেনেকৈ বিদ্যুৎপ্ৰভা দেবীক দাম্পত্য আৰু ঘৰুৱা জীৱনত আদৰ্শ সহধৰ্ম্মিণী স্বৰূপে পাই নিজে ধন্য হৈছিল। বিধাতাৰ বিধান ১৮৫৪ শত বিদ্যুৎপ্ৰভা দেবীয়ে ইহলীলা ত্যাগ কৰে। ইয়াৰ ৬ বছৰ পিছত ১৮৬১ শকৰ ১২ শাওনত তৰুণৰাম ফুকনৰ হঠাতে মৃত্যু হয়।


অসমীয়াৰ মাজত তৰুণ ফুকন

 এলেহুৱ৷ আৰু নিৰুৎসাহী অসমীয়াৰ মাজত তৰুণৰাম ফুকন জ্বলন্ত উৎসাহ, অধ্যৱসায় আৰু স্বাধীন ভাৱৰ অৱতাৰ। এজন মানুহতে ইমান গুণ কোন অসমীয়াৰ আছে? তৰুণৰাম ফুকনৰ আসন লব পাৰে এনে অসমীয়া এতিয়া ক'ত? আন্ধাৰ অসম আকাশত তেওঁ উজ্জ্বল তৰা আছিল। তেওঁৰ কাম তেওঁৰ উৎসাহ তেওঁৰ পৰিশ্ৰম তেওঁৰ আকাঙ্ক্ষা, তেওঁৰ মনৰ তেজ সকলো অসমীয়াৰে অনুকৰনৰ বস্তু। অসমীয়াই তেওঁৰ জীৱন বৰ আদৰ আৰু মনোযোগেৰে চৰ্চ্চা কৰিব লগীয়া। চন্দ্ৰত কলঙ্কৰ দৰে তৰুণৰাম ফুকনৰ জীৱনতে৷ যদি অলপ দোষ আছে, তাৰ পৰাও আমি বহুত উপদেশ পাব পাৰোহওক। তেওঁ আমাৰ আৰ্হি পথ দেখাওতা জাতীয় উন্নতি নেতা। অসমীয়াৰ সাহ নাই, বল নাই, পদে পদে পৰাজয়। তেন্তে অসমৰ উন্নতি নাইনে কি? অসমীয়াই জাতীয় উন্নতি কৰিব নোৱাৰে নে কি? ভয় নাই কৰ্ম্মবীৰৰ তেজ, সাহ উৎসাহেৰে জাতীয় কৰ্ম্মক্ষেত্ৰলৈ ওলোৱা জাতীয়