দেশভক্ত তৰুণৰাম ফুকন ১৫৫ সম্যা চুৰান্ত নিষ্পত্তি নহৰ, সেই পৰ্যন্ত বৃটিছ গৱৰ্ণমেণ্টৰ লগত আপোষ আৰু কংগ্ৰেছী মন্ত্ৰীত্বে ফিৰি যাওয়াৰ প্ৰশ্নই উঠিব নোৱাৰে। ভাৰতৰ স্বাধীনতা সমস্যাৰ লগত পণ্ডিতজী গনপৰিষদকে অভিন্ন ভাৱে জড়িত কৰিছে। তেওঁৰ মতে ভাৰতৰ ভাগ্য নিৰ্ণয় কৰিবৰ অধিকাৰ বৰলাট বাহাদুৰৰ নাই অথবা বিভিন্ন দলৰ যি ৫২ জন পৰামৰ্শদাতা নেতাৰ লগত সাক্ষাৎ কৰিছে, তেওঁলোকৰও নাই, নাইবা চাৰ চেকেণ্ডাৰ হায়াৎ থা যি দ্বাদশ জ্ঞানী ব্যক্তিৰ প্ৰস্তাৱ কৰিছে, তেওঁৰও নাই। ভাল হওক মন্দ হওক ভাৰতে নিজৰ ভাগ্য নিজেই ৰচনা কৰিব আৰু তাক ভাৰতৰ প্ৰত্যেক প্ৰাপ্তবয়স্কেৰ ভোটৰ দ্বাৰাই গঠিত গনপৰিষদৰ সাহায্যই সম্ভৱ হব। পণ্ডিতজীৰ এই সাৰবৰ্ত্তা যুক্তি অস্বীকাৰ কৰিবৰ ন্যায়সঙ্গত উপায় নাই। তাৰ বিৰুদ্ধে সংখ্যালঘু সম্প্ৰদায়ৰ নামে যি সকল ব্যক্তিৰ স্বাৰ্থ হানিৰ মনে মনে পোষণ কৰিছে অথবা যি সকলে এই বৃহৎ ব্যাপাৰে জটিলতা উল্লেখ কৰি আপত্তি জনাইছে, তেওঁলোকৰ আশঙ্কা আৰু আপত্তি যে সম্পূৰ্ণ ভিত্তিহীন এই মূল্যৱান কথা পণ্ডিতজী বিশেষভাৱে প্ৰমাণ কৰিছে। মুছলিম লীগৰ প্ৰেচিডেন্ট মিঃ জিন্না চাহাবে বলাট বাহাদুৰৰ ওচৰত যি সকল অভিযোগ দাখিল কৰি ৰয়েল কমিশনৰ আবেদন জনাইছে, সেই সম্বন্ধে বলাটেৰ কি ধাৰণা তাক বোম্বাইৰ বক্তৃতাত সুস্পষ্ট ভাষায় প্ৰকাশ পাইছে। ৰাজনৈতিক পণ্ডিত সদাৰ বল্লভভাই প্যাটেলও গুজৰাট প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ এক জনসভাত নিজৰ অভিমত প্ৰকাশ কৰিছে, কংগ্ৰেছ 'ওৱাৰ্কিং কমিটিৰ প্ৰস্তাবে, কংগ্ৰেছে যি দাবী উল্লেখ কৰিছে তাক যদি বৃটিছ গবৰ্ণমেন্টে পূৰণ নকৰে আৰু যদি নিষ্ক্ৰিয়া প্ৰতিৰোধৰ আৱশ্য আবহাওয়া বৰ্তমান থাকে, তেন্তে কংগ্ৰেছে সংগ্ৰামৰ পন্থা অৱলম্বন কৰিবলৈ দ্বিধা নকৰে আৰু সেই সংগ্ৰামৰ কাৰণে দেশবাসীয়ে সকলো ক্ষতি স্বীকাৰ কৰি।
পৃষ্ঠা:দেশভক্ত তৰুণৰাম ফুকন.pdf/১৬৭
অৱয়ব