দেশভক্ত তৰুণৰাম ফুকন ১৫৩ ডাঙৰ ডাঙৰ নেতৃত্ব সকলৰ সাহায্য প্ৰাৰ্থনাত, দল আৰু সম্প্ৰদায় সমূহৰ নেতৃবৰ্গৰ আলোচনাত সমস্যা বিলাক জটিলতা বৃদ্ধি নকৰি সহজে আপোষ মীমাংসা কৰি একত্ৰিত কৰা, ভাৰতৰ সংখ্যালঘিষ্ঠ সম্প্ৰদায় বিশেষকৈ মুছলমান, তপশীল শ্ৰেণীভূক্ত সম্প্ৰদায় সম্পৰ্কে, বৃটিছ চৰকাৰৰ অসুবিধাৰ বিষয়, পৰস্পৰ স্বাৰ্থ বিৰোধী, প্ৰতিষ্ঠা সমুহৰ দাবীৰ বিষয়ে বিবেচনা কৰা ভাৰত শাসন তান্ত্ৰিক উন্নতি সম্পৰ্কিত গুৰুতৰ প্ৰশ্ন সম্পৰ্কে সুবিধা আদি প্ৰধান প্ৰধান সমস্যা বিলাক সমাধা কৰিবলৈ বৃটিছ গবৰ্ণমেন্ট যথাসাধ্য প্ৰস্তুত। ইংৰাজী ১৯৩৫ চনৰ ভাৰত শাসন আইনৰ অন্তৰ্গত বিশাল ভাৰতবৰ্ষ দেশৰ প্ৰাদেশিক স্বায়ত্ব শাসনতন্ত্ৰ প্ৰৱৰ্ত্তনত, আইন সভাৰ সংখ্যাগৰিষ্ঠ দলৰ সমৰ্থনপুষ্ট নিৰ্ব্বাচিত মন্ত্ৰীমণ্ডলীৰ ওপৰত অৰ্পিত প্ৰদেশৰ বিভাগৰ ক্ষমতা আৰু দায়িত্ব প্ৰৱৰ্ত্তন শাসন কাৰ্য্যত বঞ্চিত কৰাত, কংগ্ৰেহী নন্ত্ৰীণণ্ডলীৰ পদত্যাগ কৰাৰ ফলত, দেশত অসহযোগ আন্দোলনৰ আৰম্ভ হোৱাত, প্ৰদেশত দৈনন্দিন শাসন কাৰ্য্য চলাবৰ কাৰণে ভাৰত শাসন আইন অনুসাৰে জৰুৰী আইন ব্যৱস্থাৰ অৱলম্বন কৰাত, ভাৰত সচিব লৰ্ড জেটলেণ্ডৰ উত্তৰত কংগ্ৰেছৰ দাবী অস্বীকাৰ কৰাত, ভাৰতীয় কংগ্ৰেছৰ লগত সম্মান জনক আপোষ মীমাংসা নোহোৱাত, ভাৰতবাসীক নোশোধা নোগোযাকৈ ভাৰতক যুদ্ধত লিপ্ত কৰাত, ভাৰতবৰ্ষৰ সম্মতি অসৰ্ম্মতিৰ প্ৰতি ভ্ৰূক্ষেপ নকৰি বৃটিশ গবৰ্ণমেন্টে যুদ্ধ সম্পৰ্কে ভাৰতৰ পৰা সহায়ৰ সুবিধা লোৱা আদি প্ৰধান প্ৰধান বিষয় বিলাক লৈ দেশত দৈননিন ন ন গুৰুতৰ পৰিস্থিতিৰ উদ্ভৱ হয়। বোম্বাইৰ বক্তৃতাত বৰলাট বাহাহৰে আশা কৰিছে যে, ভাৰতৰ সম্প্ৰদায় সকলৰ ভিতৰত মিলন হৈ একত্ৰিত হোৱাৰ পাছতে কোনো এক অনিদ্দিষ্ট শুভদিনত বৃটিছ কৰ্তৃপক্ষই ভাৰতক ওয়েষ্ট মিষ্টাৰ মাৰ্কা ডোমিনিয়ন ষ্টেটাচ অৰ্পন কৰিব, কংগ্ৰেছে পুনৰাই হৰ্ষোৎফুল হৈ মন্ত্ৰীত্ব
পৃষ্ঠা:দেশভক্ত তৰুণৰাম ফুকন.pdf/১৬৫
অৱয়ব