১৫২ দেশভক্ত তৰুণৰাম ফুকন কংগ্ৰেছৰ মূল আদৰ্শ বৈধ আৰু শান্তিপূৰ্ণ উপালে কংগ্ৰেছ হই পূৰ্ণ স্বৰাজ সাধনৰ প্ৰতিশ্ৰুতি স্বাক্ষৰ কৰিব লাগে, তাৰ ঠাইত সত্যনিষ্ঠ আৰু অহিংসক উপায়ে স্বৰাজ সাধনাৰ প্ৰতিশ্ৰুতি স্বাক্ষৰ কৰিব লাগে। কংগ্ৰেছ কৰ্ম্মী সকলে সত্যনিষ্ঠ আৰু অহিংসা নীতিত দীক্ষিত হৈ দেশত আইন অমান্য আন্দোলন প্ৰবৰ্তন কৰে। তাৰ পাছত ৱৰ্ণমেণ্টে আইন অমান্য আন্দোলনৰ সঙ্ঘৰ অনুষ্ঠান আৰু ঘোষণা বাণী উভয়কে বে আইনি বুলি ঘোষণা কৰে। তাৰ ফলত দেশত শোক লগা গুৰুত্বৰ উপস্থিতিৰ উদ্ভৱ হয়। ভাৰতবৰ্ষৰ পৰাধীন পৃথিবীৰ অন্যান্য স্বাধীন জাতিৰ দৰে ভাৰতবাসীও বিত্ত ভোগ কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে। দশ বছৰ পূৰ্ব্বে জাতিৰ এই দাবীৰ বৃটিছ গৱৰ্ণমেণ্টে অঙ্গীকাৰ কৰে। ভাৰতীয় কংগ্ৰেছে গান্ধিজীৰ নেতৃত্বত নিৰুপদ্ৰৱ প্ৰতিবোধ নীতি অৱলম্বন কৰে। তাৰ বিৰুদ্ধে বৃটিছ গৱৰ্ণমেণ্টৰ কৰ্ত্তৃত্বে হোৰ উইলিংডনীয় দ্বৈতনীতি ভাৰতত প্ৰৱৰ্ত্তন কৰে। এক দিকে নতুন শাসনতন্ত্ৰ কচনাৰ কাৰণে ঘটা কৰি বাৰ বাৰ ইংলণ্ডত গোলটেবিল বৈঠক। পাঁচ বছৰ পন্দ কৰি বৃটিছ পাৰ্লেমেণ্ট মহাসভাই ভাৰতত যি যুক্তৰাষ্ট্ৰ, অটোনমী আৰু সাম্প্ৰদায়িক বাটোৱাৰ প্ৰসৱ কৰিলে, তাৰ ফলত ভাৰতৰ সমস্যা জটিল হৈ উঠে। ভাৰতৰ সমস্যা সাধনৰ বিষয় ইংৰাজ জাতিৰ কোনো আগ্ৰহৰ পৰিচয় দেখা নগ'ল। ইংৰাজী ১৯৪০ চনৰ ১০ জানুৱাৰীত ইংৰাজ ৰাজপ্ৰতিনিধি ভাৰতৰ বৰলাট লৰ্ড লিনলিথ গোৱে বোম্বাইৰ ওৰিয়েন্ট ক্লাৱৰ ভোজ সভাত সমৱেত সদস্য সমূহৰ সন্মুখত ঘোষণা বাণী প্ৰকাশ কৰিছে :- ভাৰতৰ শাসনতান্ত্ৰিক সঙ্কটৰ অৱসানৰ কামনা, ষ্ট্যাটুট অব্ ওয়েষ্ট মিষ্টাৰ আইন অনুযায়ী ভাৰতক পূৰ্ণ উপনিবেশ দান কৰাই বৃটিছ গৱৰ্ণমেণ্টৰ লক্ষ্য, ভাৰতত যুক্তৰাষ্ট্ৰ প্ৰৱৰ্তনৰ পৰিকল্পনা, ভাৰতবৰ্ষৰ বিভিন্ন দলৰ ৰাজনৈতিক
পৃষ্ঠা:দেশভক্ত তৰুণৰাম ফুকন.pdf/১৬৪
অৱয়ব