সমললৈ যাওক

পৃষ্ঠা:দেশভক্ত তৰুণৰাম ফুকন.pdf/১৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দেশভক্ত তৰুণৰাম ফুকন 282 উঠাই দিবলৈ ইচ্ছা কৰাৰ লগে লগে সংখ্যালঘিষ্ঠৰ সমতাও জীন যাবলৈ বাধ্য। এই বাধ্যতাৰ মানে এইয়ে নহয় যে, তেতিয়া সংখ্যালঘিষ্ঠই আমল নাপাব। তেতিয়া সংখ্যাগৰিষ্ঠৰ বিৰুদ্ধে অমূলক অভিযোগ দৰ্শাবলৈ উৎসাহ দিওতা তৃতীয় পক্ষ কোনো নাথাকিব। পিছে যেতিয়ালৈকে বৃটিছে ভাৰতৰ "প্ৰতি কৰ্ত্তব্যৰ দায়িত্ব লৈ থাকিব, তেতিয়ালৈকে ভাৰতক বুটিছৰ অধীনত ৰখাৰ আৱশ্যক নুগুছিব। অৱশ্যে ইও ঠিক যে, বৃটিছে সেই দায়িত্ব এৰি নিদি, ভাৰতৰ অনন্ত কাললৈ বৃটিছৰ অভিভাৱকত্ব চলাই থাকিব খুজিলেও, স্বদেশ প্ৰাণ ভাৰতীয় মাত্ৰেই মহাত্মাৰ নেতৃত্বত অহিংসাভাৱে ভাৰতৰ মুক্তিৰ বাবে যুজি থাকিব। ভাৰতৰ অহিংস-যুদ্ধৰ ভিতৰেদি পৃথিবীৰ পৰা হিংসা যুঁজৰ অন্ত পেলাব পাৰক নোৱা ৰক, বৃটিছ বন্ধনৰ পৰা ভাৰতৰ মুক্তি সম্পূৰ্ণ সম্ভব বুঝি মহাত্মাৰ লগতে মুক্তিকামী ভাৰতবাসী মাত্ৰেই আশা কৰে। সেই ৰাবে দেশবাসী আজি মহাত্মাৰ নেতৃত্বত আকৌ সাজু হৈছে। অকল সেয়ে নহয়, নতুন কৰ্মপদ্ধতিৰ বাবে কিছুমানৰ মাজত অধীৰতাও দেখা গৈছে। সি যিয়ে নহক, এতিয়াও বৰলাটৰ ওপৰত আস্থা৷ ৰাখিয়ে হবলা, মহাত্মাই তেখেতৰ সহকৰ্ম্মী সকলক অধীৰ হবলৈ হাক দিছে আৰু লগতে জনাই যে, প্ৰথমতে যেতিয়ালৈকে বৰলাটে সমতা সমাধানৰ বাবে চেষ্টা চলাব, তেতিয়ালৈকে সত্যাগ্ৰহ প্ৰৱৰ্ত্তন কৰিব পৰা নাযায়। দ্বিতীয় কাৰণ মুছলিম লিগে সৃষ্টি কৰা অন্তৰায় পণ্ডিত জৱাহৰলাল নেহৰু আৰু জিন্ন৷ চাহেবৰ মাজত সম্প্ৰতি চাবলগীয়া আলোচনাৰ ফলাফল এতিয়াও অবিদিত আৰু তৃতীয় কাৰণ কংগ্ৰেছৰ ভিতৰত সৃষ্টি হোৱা বিশৃঙ্খলা আৰু অনৈক্য। গনতন্ত্ৰ আৰু সৰু সৰু জাতি বিলাকৰ স্বাৰ্থ ৰক্ষাৰ অগেই বৃটিছ জাতি যুদ্ধত অৱতীৰ্ণ হোৱ৷ বুলি ঘোষণা কৰে কিন্তু কংগ্ৰেছৰ দাবী সম্পৰ্কে বৃটিছ গবৰ্ণমেণ্ট পক্ষৰ পৰা ভাৰত সচিব লৰ্ড জেটলেওে কৈছে