সমললৈ যাওক

পৃষ্ঠা:দেশভক্ত তৰুণৰাম ফুকন.pdf/১৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দেশভক্ত তৰুণৰাম ফুকন ১৪৭ এটি এটিকে কংগ্ৰেছ শাসীত প্ৰদেশ সমুহৰ মন্ত্ৰীমণ্ডলীৰ পদত্যাগত প্ৰদেশ বিলাকত এটি অভূতপূৰ্ব্ব অৱস্থাৰ সৃষ্টি হৈছে। এই অৱস্থাত কংগ্ৰেছ ৱাৰ্কিং কমিটিয়ে কংগ্ৰেছ আন্দোলন পৰিচালনাৰ ভাৰ মহাত্মা গান্ধি ওপৰত আকৌন্যস্ত কৰিব লগীয়াত পৰিছে। নাগতে আজি কিছুমান দিন কংগ্ৰেছ পৰিচালনাৰ ভাৰ এৰি দি, এই সঙ্কট সমন্নত পুনৰ তাক মুৰ পাতি লোৱাত গোটেই ভাৰত জুৰি আকৌ নতুন প্ৰেৰণাই সকলোকে সচেতন কৰি তুলিছে যদিও এতিয়ালৈ অকল গঠনমূলক পদ্ধতিৰ বাহিৰে উত্তৰ হোৱা সমস্যা সমাধানৰ অৰ্থে আন কৰ্ম্মপন্থাৰ নিজেন দিয়া হোৱা নাই। ৱাৰ্কিং কমিটিয়ে প্ৰস্তাৱ হিছাবে আইন অমান্য বা তেনে ধৰণৰ একোৰে নিৰ্দ্দেশ নিদিলেও, অৱশ্য অনুসৰি আৰু অৱস্থানুযাৰী মহাত্মাজীৰ ওপৰতে তাৰ নিয়ন্ত্ৰণৰ ভাৰ অৰ্পন কৰিছে। মহাত্মাই আজি কিছুদিন আগৰেপৰা কংগ্ৰেছ কৰ্মী সকলৰ তথ৷ অহিংস যুদ্ধৰ সেনাদলৰ ভিতৰুৱা দুৰ্ব্বলতা কিছুমান লক্ষ্য কৰি তাক দূৰ কৰিবলৈ সাৱধান বাণী শুনাই আহিছে। এনেকি তেখেতে কংগ্ৰেছ কৰ্ম্মী কিছুমানৰ ভিতৰত যেনে ভেদ আৰু হিংসা ভাৱ বৰ্ত্তমান, সি দূৰ নহলে ব্যাপক ভাৱৰ আইন অমান্য আন্দোলনৰ প্ৰৱৰ্ত্তন সম্ভৱ নহয় বুলি স্পষ্টকৈ জনাইছে। প্ৰতিজন কংগ্ৰেহ কৰ্ম্মীৰ এই বিষয়ে নিজ কৰ্ত্তব্য পালনত মন দিয়া উচিত। অৱহা ক্ৰনাৎ বেনে জটিল হৈ আহিবলৈ ধৰিছে, তাতে জাতিৰ অহিংস যুদ্ধৰ অধিনায়ক হিহাবে তেখেতৰ পৰা দেশ- বাসালৈ কেতিয়া কেনে পহাৰ নিৰ্দেশ আহে, কোৱা টান। কৰ্মীৰ দলৰ আত্মশুদ্ধিৰ ওপৰতে মহাত্মাৰ কৰ্ম্মপন্থা যে নিৰ্ভৰ কৰিব, তাক নকলেও হব। গতিকে কৰ্মী সকলে সম্পূৰ্ণ অহিংস ভাৱত আত্মশুদ্ধি কৰি লোৱাৰ লগতে হিন্দু-মুছলমানৰ মিলন আৰু অদৃশ্যতা দূৰীকৰণলৈ মনোযোগ দিলে মহাত্মাজীৰ পৰিশ্ৰমৰ কঠোৰতা কিছু লাঘৱ হব বুলি আশা কৰিব পাৰি।