১৪৬ দেশভক্ত তৰুণৰাম ফুকন কিন্তু এই আদৰ্শ যদি নাথাকে আমি যুদ্ধ কৰিম কাৰ বাবে? আকৌ যি আদৰ্শ লাভৰ বাবে সংগ্ৰাম কৰা হৈছে বুলি ঘোষিত হৈছে স্বাধীনতা আৰু সমান অধিকাৰ থাকিলেই ভাৰতৰ পক্ষে তাত শক্তি সঞ্চাৰ কৰা সম্ভৱপৰ হব। পণ্ডিত জৱাহৰলাল নেহৰুৰ এই মতেই ভাৰতবাসীৰ মত। ইংৰাজী ১৯৩৯ চনৰ ১০ অক্টোবৰ তাৰিখে নিখিল ভাৰত ৰাষ্টীয় সমিতিত গৃহীত হোৱা যুদ্ধ সম্পৰ্কীয় প্ৰস্তাৱত এই মতকে প্ৰকাশ কৰা হৈছে। সাম্ৰাজ্যবাদৰ আধিপত্য নোহোৱা কৰিবলৈ একমাত্ৰ পৰাধীন দেশ সমুহত গণতন্ত্ৰৰ প্ৰসাৰ আৰু সিবিলাকৰ ওপৰত আত্ম নিয়ন্ত্ৰৰ নীতি প্ৰয়োগৰ দ্বাৰাই শান্তি আৰু স্বাধীনতা প্ৰতিষ্ঠিত আৰু সংৰক্ষিত হব পাৰে। ভাৰতক স্বাধীন ৰাষ্ট্ৰ বুলি ঘোষণা কৰিব লাগিব আৰু বৰ্ত্তমান সময়তে যথাসম্ভৱ পৰিমানে স্বাধীন ৰাষ্ট্ৰৰ মৰ্য্যদা দিব লাগিব। ভাৰতৰ এই দাবী অন্যায় একে৷ হব নোৱাৰে আৰু বৃটিছ গবৰ্ণমেন্টে ইয়াক উলুপঙা কৰিলে তেওঁলোকৰেই ক্ষতি হোৱাৰ সম্ভাৱনা। আন ফালে ভাৰতবৰ্ষই এই দাবী যথাসম্ভৱ জোৰেৰেই কৰিব লাগিব। ভাৰতৰ বিভিন্ন দলবোৰে কংগ্ৰেছৰ এই জাতীয় দাবীত যোগ দিয়াটো প্ৰয়োজন। বলাট বাহাদুৰ লৰ্ড লিন্লীথগোৱে নেতৃ-অনেতৃস্থানীৰ বহু লোকেৰে সৈতে ভাৰত সম্পৰ্কে বৰ্তমান কৰ্ত্তব্য বিষয়ৰ আলাপ-আলোচনা চলাইছে। প্ৰকাশ এই আলাপ-আলোচনা শেষ হলে ইংৰাজী ১৯৪০ চনৰ অহা ২০ অক্টোবৰ তাৰিখে বৃটিছ গবৰ্ণমেণ্ট পক্ষৰ পৰা ভাৰত সম্পৰ্কে এটা ঘোষণা কৰা হব। আৰু এই ঘোষণাতে কংগ্ৰেছৰ প্ৰশ্ন আৰু দাবী সম্পৰ্কেও বৃটিছ গবৰ্ণমেণ্টৰ মতামত জ্ঞাপন কৰা হব। আমি আশা কৰিছোঁ, এই ঘোষণাত ভাৰতৰ স্বাধীনতা আৰু গণতান্ত্ৰিকতাৰ পথ সুচল কৰাৰ কথা থাকিব। বৰলাট বাহাদুৰৰ লগত কংগ্ৰেছৰ আলোচনাৰ বাট একেবাৰে বন্ধ হোৱা নহৈ এতিয়াও প্ৰশস্ত থকা বুলি ভাইচৰয়ৰ বিবৃতিত কোৱা হলেও
পৃষ্ঠা:দেশভক্ত তৰুণৰাম ফুকন.pdf/১৫৮
অৱয়ব