সমললৈ যাওক

পৃষ্ঠা:দেশভক্ত তৰুণৰাম ফুকন.pdf/১৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দেশভক্ত তৰুণৰাম ফুকন ১৪৩ কেছিজিমৰ বিৰুদ্ধে থিয় দিছে। কিন্তু আচলতে বৃটিছে গণতন্ত্ৰ ৰক্ষাৰ বাবেই জাৰ্মানিৰ বিৰুদ্ধে থিয় দিছে নে? যদি হয়, অষ্ট্ৰীয়া আৰু জেকোশ্লভেকিয়া গ্ৰাসৰ সময়ত তেওঁ লোকে কিয় বাধা নিদিলে? আকৌ বৃটিছে কোন গণতন্ত্ৰৰ বাবে যুঁজিব? সিবিলাকে নিজেই দেখোন কেবাখনো দেশৰ গণতন্ত্ৰ হেঁচুকি থৈছে। আবিছিনিয়া লোৱাৰ সময়ত মুছলিনিয়ে এই দৰে কৈছিল— বৃটিছৰ সৈতে ইটালিৰ নীতি একে। প্ৰাৰ্থক্য মাত্ৰ এই যে, সিবিলাকে আগতে যি কৰিছে, ইটালিয়ে এতিহে তাক কৰিব ধৰিছে। আচল কথা, ডানজিগ লব পাৰিলে জাম্মানিয়ে সামৰিক বিষয়ত যথেষ্ট শক্তিশালী হৈ উঠিব আৰু ক্ৰমে বৃহত্তৰ জাৰ্মানি গঠন কৰি বৃটিছ সাম্ৰাজ্যৰ গাতো হাত দিব পাৰে। গতিকে দেখা যায়, বৰ্ত্তমান যুদ্ধত বৃটিছে জাৰ্মানিৰ বিৰুদ্ধে উঠাত এফালে যেনেকৈ পোলেণ্ডৰ স্বাধীনতা ৰক্ষা, আন ফালে তেনেকৈ বৃটিছে সাম্ৰাজ্যবাদ ৰক্ষা। এই অৱস্থাত ভাৰতৰ প্ৰধান কৰ্ত্তব্য কি? ভাৰতে গণতন্ত্ৰ বিচাৰে, গণতন্ত্ৰক সন্মান কৰে, গণতন্ত্ৰক সমৰ্থন কৰে। গতিকে, এনে ক্ষেত্ৰত জাৰ্মানিক সহায় কৰা প্ৰশ্ন উঠিবই নোৱাৰে। আনফালে গণতন্ত্ৰ সমৰ্থন কৰিবলৈ গলে লগতে বৃটিছ সাম্ৰাজ্যবাদকো সমৰ্থন কৰা হয়। ভাৰতে এতিয়াও মুক্তি পোৱা নাই। স্বাধীনতা ৰক্ষা কৰিবলৈ, ভাৰতে চেষ্টা কৰিছে পোলেণ্ডে যুদ্ধ কৰিছে স্বাধীনতা পাবলৈ। এনে অৱস্থাত পোৱা কোনো সুবিধাকে সতকাই এৰিব নোৱাৰি। ভাৰত জাতীয় মহাসভাৰ ৱাৰ্কিং কমিতিয়ে সম্প্ৰতি যুদ্ধ সম্পৰ্কে যি বিবৃতি দিছে, তাত ভাৰতৰ প্ৰকৃত মনোভাৱেই স্পষ্টৰূপে প্ৰকাশ পাইছে, তাত বৃটিছক স্পষ্টকৈ জনাবলৈ কোৱা হৈছে যে, বৃটিছে গণতন্ত্ৰনে কিহৰ বাবে যুদ্ধ কৰিছে। এই প্ৰশ্নৰ উত্তৰ পালেই যুদ্ধ সম্পৰ্কে ভাৰতৰ নীতি স্থিৰীকৃত হব। বৃটিছক সোধা এই প্ৰশ্নই এফালে যেনেকৈ