সমললৈ যাওক

পৃষ্ঠা:দেশভক্ত তৰুণৰাম ফুকন.pdf/১৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দেশভক্ত তৰুণৰাম ফুকন ১৪১ দেশভক্ত ফুকন ডাঙৰীয়াই চিৰশান্তিধানলৈ যাত্ৰা কৰিলে। সঁচাকৈয়ে - মানুহে যাক ভাল পায়, তেওঁৰ ওপৰত ভগৱানৰো চকু নপৰাকৈ নাথাকে। ভাৰত আৰু অসমলৈ বৃটিছ সিংহাসনৰ পৰা স্নেহ আৰু আশীৰ্ব্বাদ দিনক দিনে প্ৰৱলতৰ বেগেৰে বৈ আহিব ধৰিছে যে এই স্নেহৰ সুঁতিয়ে নিশ্চয় আমাৰ সম্ৰাটক এদিন উটুৱাই আনি অসম পোৱাবহি। সেই শুভক্ষণ উপভোগ কৰিবলৈ “বিশ্ব বিধতাই” দেশভক্ত ফুকন ডাঙৰীয়াক আমাৰ মাজত নেৰিলে। শিৰৰ মুকুট “তৰুণ ফুকন” বিহীনে আমাৰ অসমঘৰ শুদা হৈ পৰিল। কেৱল অসমক নহয়, গোটেই পৃথিবীকে আজি বিষাদৰ ক'লা ডাৱৰে আগুৰি ধৰিছে। তৰুণ ফুকন ডাঙৰীয়াৰ জীৱিত অৱস্থাৰে পৰা আৰু তেখেতৰ মৃত্যুৰ পিছৰ পৰাই ভয়ঙ্কৰ ৰক্ত পিপাসুৰণচণ্ডীয়ে নিদাৰুণ মূৰ্ত্তিৰে নাচি নাচি বিশ্ব জাতিৰ স্বাধীনতা ক্ৰমান্বয়ে গ্ৰাস কৰিব ধৰিছে। কোনে জানে ক’ত আৰু কেতিয়া ইয়াৰ তৃপ্তিসাধন হব? জাৰ্মান, ৰুচিয়া, জাপান, ইটালি আদি মহা পৰাক্ৰমী জাতি সমূহৰ প্ৰত্যেকৰে লেলুপ্ত জিহবা দিনক দিনে প্ৰৱল ভাৱে বাঢ়ি গৈছে। এই মহা নিদাৰুণ কাল অগ্নিয়েই ভয়ঙ্কৰ মূৰ্ত্তি ধৰি সংসাৰ আৰু সভ্যতা ছাৰথাৰ কৰি পেলাব পাৰে। মানৱ জাতিৰ ৰাজনৈতিক তথা সামাজিক বিবৰ্ত্তনৰ পথত মাজে মাজে ভয়ঙ্কৰ সঙ্ঘৰ্ষ ঐতিহাসিক সত্য। মানৱ সভ্যতাই যেতিয়া ক্ৰম- বিকাশৰ বাটত এটা স্তৰৰ পৰা আন এটা স্তৰলৈ উঠিব খোজে, যেতিয়া তাৰ স্থিতিশীল বিৰুদ্ধ শক্তিটোৱে প্ৰগতিশীল শক্তিটোৰ গতিত বাধা দিয়ে আৰু ইয়াৰ ফলতে বিপ্লৱৰ সূচনা হয়। এই বিপ্লৱ কেতিয়াবা চুচুৰীয়াকৈ যায়— আৰু স্থিতিশীলতাৰ ভেটিকে কঁপাই তোলে প্ৰলয়ৰ আগমন সুচায়। ইংৰাজী ১৯১৪ চনৰ মহাসমৰৰ মূলতো এয়েই। ১৯শ শতাব্দীৰ শেহভাগে কল-কাৰখানা যুগে ১৯১৪ চনৰ যুদ্ধক আগুৱাই দিছিল।