১৪০ দেশভক্ত তৰুণৰাম ফুকন আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, যিজন পুৰুষক তেওঁ শান্তিৰ দূত পাতি পৃথিবীত অহিংসনীতিৰে শান্তি আলিবলৈ পঠিয়াইছে, তমসাচ্ছন্ন মানৱ সমাজৰ মাজত শান্তিৰ উজ্জ্বল আলোক পূৰ্ণ ভাৱে বিকিৰণ নকৰা পৰ্য্যন্ত যেন তেওঁ তেওঁক আতঁৰাই নিনিয়ে। মহাত্মা গান্ধিৰ ৭০ বছৰীয়া জয়ন্তী উৎসৱত সমগ্ৰহ ভাৰতৰ নৰ- নাৰীয়ে মহা আনন্দৰে যোগ দিয়ে, কিন্তু বৰ দুখ আৰু পৰিতাপৰ বিষয় এই যে “বিশ্ব-বিধতাই” এই মহৎসৱৰ দুমাহ আগতে অসমৰ ৰাষ্ট্ৰ গুৰু দেশভক্ত তৰুণৰাম ফুকনক কালে হৰণ কৰি নিলে। নিয়তিৰ নীতি আৰু বিশ্বৰ ৰাজনীতিত তৰুণৰাম তেওঁৰ পুতেক ইংলণ্ডৰ বুৰঞ্জীত চন্দ্ৰ-সূৰ্য্য অস্ত স্বইচ্ছাই পৰিত্যাগ ইংৰাজী ১৮৭৭ চনৰ পৰা ১৯৩৯ চনলৈকে প্ৰায় ৬২ বছৰ দেশভক্ত তৰুণৰাম ফুকনৰ ভৱলীলাৰ ৰাজত্বৰ কাল। এই খিনি কালত বৃটিছ ৰাজ পৰিয়ালবৰ্গৰ ভিতৰত এজনা সম্ৰাজ্ঞী ৰাণী ভিক্তোৰীয়া, তেওঁৰ পুতেক সপ্তম এডোৱাৰ্ড, তেওঁৰ পুতেক পঞ্চম জৰ্জ, অষ্টম এডোৱাৰ্ড নামে তিনি জন সম্ৰাটে ৰাজত্ব কৰে। জিলিকি থকা স্বাধীন প্ৰিয় সম্ৰাট অষ্টম এডোৱাৰ্ডে নোযোৱা বিশাল বৃটিছ সাম্ৰাজ্যৰ গৌৰৱৰ সিংহাসন কৰি, বিশ্ববাসীক স্বাধীনতাৰ মহাময়ী আদৰ্শ দেখাই যোৱাত, তেওঁৰ আপোন ভায়েক ষষ্ঠ জৰ্জে বৃটিছ সিংহাসনত বহে। মহাৰাণী ভাৰতেশ্বৰী ভিক্টোৰীয়াৰ দিনৰে পৰা দেশভক্ত ফুকন ডাঙৰীয়াই, সামাজিক, ৰাজনৈতিক আদি সকলো ক্ষেত্ৰতে ভাৰতৰ আৰু অসমৰ ক্ৰমোন্নতি দেখি গ'ল। ফুকন ডাঙৰীয়াৰ দিনতেই ৰুটিছ শাসীত পৰাধীন ভাৰতবৰ্ষই স্বায়ত্ব শাসনৰ বাটেদি খোজলৈ উজ্জ্বল ভবিষ্যতৰ মধুৰ সপোন দেখিব ধৰিছে। অসমৰ বৰ দুৰ্ভাগ্য যে এই সপোন দিঠকত পৰিণত হবলৈ নৌপাওতেই
পৃষ্ঠা:দেশভক্ত তৰুণৰাম ফুকন.pdf/১৫২
অৱয়ব