সমললৈ যাওক

পৃষ্ঠা:দেশভক্ত তৰুণৰাম ফুকন.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
দেশভক্ত তৰুণৰাম ফুকন

পৰীক্ষা দি পৰীক্ষাত অকৃতকাৰ্য্য হয়। আকৌ সেই কলেজতে তেখেতে বি, এৰ নিমিত্তে কিছুকাল পঢ়া শুনা কৰি দ্বিতীয় বাৰ পৰীক্ষা দিবলৈ নহল। ১৮২১ শকত ফুকনে প্ৰেচিডেঞ্চি কলেজ এৰে। বি, এ পৰীক্ষা পাছ কৰা আশা মনৰ পৰা ত্যাগ কৰি বেৰিষ্টাৰ হবলৈ বিলাতলৈ যাব বুলি মনতে পাঙিছিল আৰু গলেও। সেই কালৰ তৰুণ ফুকন আছিল এজন বিনয়ী, আত্মাসন্মানী, সুৰুচিপন্ন, প্ৰিয় দৰ্শণ, কুমলীয়া ডেকা। তেওঁ ইডেন হোষ্টেলত থাকি প্ৰেচিডেঞ্চি কলেজত পঢ়িছিল। ইডেন হোষ্টেলত থকা আৰু প্ৰেচিডেঞ্চি কলেজত পঢ়াৰ এটা ডাঙৰ লাভ হৈছিল তাত ফুকনে বঙ্গদেশৰ অনেক বিখ্যাত ডাঙৰ মানুহেৰে সৈতে বন্ধুতা কৰিবলৈ বিশেষ সুযোগ ঘটিছিল। বুদ্ধিমান, সদালাপি আৰু প্ৰিয়ভাষী তৰুণ ফুকনে সেই সুযোগ সম্পূৰ্ণৰূপে সদব্যৱহাৰ কৰিব জানিছিল। সেই বাবেই ছাত্ৰ জীৱনৰ পাছতে৷, বঙ্গদেশত তেওঁৰ অনেক ডাঙৰ ডাঙৰ "লোকেৰে বিশেষ ঘনিষ্ঠ বন্ধুত৷ আছিল। তেওঁ কলিকতালৈ গলে, অনেক ডাঙৰ লোকৰ ঘৰত নিমন্ত্ৰণ ৰক্ষা কৰিব লগাত পৰিছিল।

 তৰুণ ফুকন ছাত্ৰ জীৱনতে উৰা-পিন্ধা, কথা বাৰ্ত্ত৷, ফুৰা চকা সকলোতে বৰ চখীন আছিল। সকলো কথাতেই তেওঁৰ বৈশষ্ট্য আছিল, যি সৰ্ব্বসাধাৰণ মানুহৰ গাত নাই। তেওঁ যিহকে পিন্ধক, তাক এনে লনি লগাই পিন্ধিব জানিছিল, যিহকে কওক তাকে এনে ধুনীয়াকৈ কব পাৰিছিল যে, তেওঁৰ পিন্ধন উৰণ, কথন মথন দেখি, মানুহে স্বভাৱতে তেওঁৰ প্ৰতি শ্ৰদ্ধাৱান হৈ আকৃষ্ট হৈছিল। বাইছাইকেল ওলোৱা তেতিয়া সৰহ দিন হোৱা নাছিল, কলিকতাতে৷ তেতিয়া তাৰ সংখ্যা নিচেই তাকৰহে আছিল। কিন্তু চখীন তৰুণ ফুকনে, সেই কালতে কলিকতা চহৰত সদায় বাইছাইকেলত উঠি ফুৰিছিল। বোধ হয় অসমীয়াৰ ভিতৰত প্ৰথমে বাইছাইকেলত উঠোতা আছিল তৰুণ ফুকন।