সমললৈ যাওক

পৃষ্ঠা:দেশভক্ত তৰুণৰাম ফুকন.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
দেশভক্ত তৰুণৰাম ফুকন


 ৺বলোৰাম খাৰঘৰিয়া ফুকন আছিল ভাৰত জনাজাত অসমৰ বিজনি ৰজাৰ দেৱান। তেওঁৰেই আছিল অসম বিখ্যাত হাতীৰ মহল। অতুল ঐশ্বৰ্য্য ধন সম্পত্তিৰে তেওঁ বংশৰ মৰ্য্যদা বঢ়াইছিল। ৺বলোৰাম ফুকনৰ জীৱন, নবীন, বিপিন আৰু তৰুণ নামে চাৰি জন পুত্ৰ। আটাই কেজনে স্বৰ্গপ্ৰাপ্তি হৈছে। বলোৰামৰ মৃত্যুৰ পাচত তেওঁৰ ডাঙৰ পুতেক জীৱনে বিজনি ৰজাৰ দেৱান হৈছিল। অহম ৰজা সকলৰ ৰাজত্বত ফুকনৰ বংশই যথেষ্ঠ সহায় আৰু সন্মান পাই আহিছে। এই বংশৰ সুযোগ্য সন্তানে বৃটিছৰ আমোলতো বংশৰ গৌৰৱ উজলাই জগতত অক্ষয় কিৰণ বিতৰণ কৰিছে।

শিক্ষাৰ কাল

 ১৮১৪ শকত ১৫ বছৰ বয়সত তৰুণৰাম ফুকনে গুৱাহাটী কলেজিয়েট স্কুলৰ পৰ৷ সুখ্যাতিৰে এণ্ট্ৰেন্স পৰীক্ষ৷ পাছ কৰে। নিজৰ দক্ষতাৰ গুণে স্কুলত বৃত্তি ভোগ কৰিব পাৰিছিল। তৰুণ ফুকন পিতৃ-মাতৃ ভক্ত আছিল। কেচুৱা অৱস্থাৰে পৰা তৰুণ ফুকনে ৰাজকুমাৰৰ দৰে আদৰ পাই লালিত-পালিত হৈছিল। সৰুৰে পৰ৷ তেওঁ অতি আমোদ প্ৰিয় আৰু বিলাসী আছিল, যদিও মানুহৰ দুঃখ দুৰ্গতি দেখিলে তেওঁৰ অন্তৰ শোকত গলি গৈছিল। বদান্যতা অধ্যব্যৱসায়, কষ্ট সহিষ্ণুতা, সাহিত্য, সঙ্গীত চৰ্চ্চা, অধ্যায়ণ, দৈনিক শক্তি, উৎসাহ, খেল-ধেমালি, চিকাৰ আদি বিষয়ত তৰুণ ফুকনক চেৰ পেলাব পৰা লৰ৷ অতি কমেই আছিল। পঢ়া-শুনাত তেওঁৰ বৰ ধাউতি আছিল। সেই সময়ত গুৱাহাটীত কলেজ নথকাৰ কাৰণে নবীন উৎসাহী ডেকা তৰুণ ফুকনে অনেক বাধা বিঘিনি কাতি কৰি থৈ, উচ্চ শিক্ষাৰ্থে কলিকতালৈ যায় আৰু তাত থকা প্ৰেচিডেঞ্চি কলেজত ভৰ্ত্তি হয় গৈ। সেই কলেজত দুবছৰ পঢ়ি ১৮১৭ শকত এফ-এ পৰীক্ষাত উত্তীৰ্ণ হয়। ১৮২০ শকত তেওঁ বি, এ