৷৹
আক্ৰমণকাৰীৰ অন্যায় অত্যাচাৰ আৰু কালৰ প্ৰৱণ গতি উলাই কৰি আনিও প্ৰাগ জ্যোতিষপুৰৰ অতীত গৌৰৱ কাহিনী জগতক সোঁৱৰাই আছে। স্বৰ্গদপী গৰিয়সী এই পূণ্যভূমিৰ অন্তৰ্গত কামাখ্যা, ভূৱনেশ্বৰী, অশ্বক্লান্ত, উমানন্দৰ সম্মুখত ব্ৰহ্মপুত্ৰ আৰু ভৰলু নদীৰ প্ৰেম মিলনৰ নিচেই কাষৰ সৌন্দৰ্য্য লীলাভূমি পশ্চিম গুৱাহাটীতেই ভাগ্যদেৱীৰ জ্যেষ্ঠ পুত্ৰ ভাৰত আৰু অসম মাতৃৰ গৌৰৱৰ সন্তান দেশপূজ্য কুৰি শতিকাৰ অসমৰ ৰাজনৈতিক অৱতাৰ দেশভক্ত তৰুণৰাম ফুকনৰ আৱিৰ্ভাৱ হয়।
তৰুণ স্মৃতিত
ডাঃ ৰাজেন্দ্ৰ প্ৰসাদ
শ্ৰীযুত ফুকনৰ মৃত্যুৰ বাতৰি পাই মৰ্ম্মাহত হৈছে৷। সেই তাহানি অসহযোগ আন্দোলনৰ সময়ৰ পৰাই মই তেওঁক জানিবলৈ সুযোগ পাইছিলোঁ। তেওঁ এজন সাহসী আৰু বিদগ্ধ যোদ্ধা আছিল আৰু দেশৰ কাৰণে বিস্তৰ ত্যাগ কৰিব পাৰিছিল। এসময়ত তেওঁ তেওঁৰ প্ৰদেশৰ অবিসম্বাদী নেতা আছিল আৰু যদিও শেষৰ কাল ডোখৰত সহকৰ্ম্মী সকলৰ লগত মতবিৰোধ হৈ অৱসৰীয়া যেন জীৱন যাপন কৰিছিল, তথাপি দেশকৰ্ম্মী আৰু প্ৰসিদ্ধ নেতা হিচাপে তেওঁৰ স্থান অকণো নমা নাছিল। এই সন্ধিক্ষণত তেওঁৰ মৃত্যুত এটা ডাঙৰ ক্ষতি। মোৰ স্বাস্থ্য ভাল নথকা বাবে আৰু এই বেয়া স্বাস্থালৈও এবাৰ নোৱাৰা কাম কিছুমানত বৰকৈ লাগিব লগা হোৱাত আজিৰ সভাত উপস্থিত থাকিব নোৱাৰি মই বৰ দুঃখ পাইছোঁ।