পৃষ্ঠা:দামোদৰ ব্যাখ্যা.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দামোদৰ ব্যাখ্যা।


তাত পাছে উদ্ধাৰ যে যুগ আসি ভৈলা।
পূণ্য অৱতাৰে পূণ্য তথাতে ধৰিল৷॥
নিৰাকাৰ যুগ বিন্দু মিলিলন্ত পাচে।
উঙ্কাৰ যে নাম ধৰি পূণ্য ধৰি আছে॥
এহি চাৰি যুগ যেবে আচয় নিৰ্ণয়।
চাৰি যুগে ভর পূণ্য কৰিছে বিষয়॥
নিৰ্ণয়ত চাৰি যুগ বহি দিন গৈলা।
ততকাল মানে পূণ্য শূণ্যতে ঘুৰিলা॥
চেতন লভিয়া পাচে মনে গুণি চালা।
প্ৰভুৰ দিনৰ যুগ তথায় নভৈলা॥
আৰু কত কাল মানে ভ্ৰমন কৰিলা।
শূণ্যতে মলয় বায়ু ধৰিয়া আছিলা॥
স্থুল হৈয়া কতক্ষণে শবদ উঠিলা।
মলয় গুণ্ডিকা সব এক থান ভৈলা॥
যুগ পাতি চাৰিক যে নিৰ্ণয় কৰিলা।
ইটো কথা এহি মানে সম্বৰিয়া থৈলা॥
শুনা সাধু সব আৰু শুনা ৰামৰায়।
পূণ্য জন্মৰ কথা কহিলো বুজাই॥
পূণ্যৰ বিষয় যুগে যুগে অৱতাৰ।
তোমাৰ আগত যুগ কৰিব প্ৰচাৰ॥
আৰু কওঁ শুনিয়োক ব্ৰহ্মাণ্ডৰ কথা।
আদি পূণ্য কৰিলন্ত যেমত ব্যবস্থা॥
সাধু সাধু কহিয়া শঙ্কৰে প্ৰশংসিলা।
পূৰ্ণব্ৰহ্মা আসি তুমি ভাবতে নামিলা॥