পৃষ্ঠা:দামোদৰ ব্যাখ্যা.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দামোদৰ ব্যাখ্যা।


শূণ্যেতে মলয়া বায়ু ঘুৰিয়া আছিলা।
অনেক থানৰ হেম গুণ্ডিক আনিলা॥
এক পিণ্ড হৈয়া সিটো ভ্ৰমিবাক লৈলা।
ভ্ৰমন্তে ভ্ৰমন্তে তাতে কত কাল গৈলা॥
কত যুগ গৈলা তাৰ নিৰ্ণয় ন ভৈলা।
স্থিতি হৈয়া জানা নিজ ৰূপক ধৰিলা॥
কত দিন থাকি পাচে বাহিৰ কৰিলা।
যেন তুষে অগ্নি থাকি ভিতৰে জলিলা॥
বাহিৰত দেখি মাত্ৰ ধুম্ৰ অতিশয়।
তৃণ পালে সেহি অগ্নি জলে বাজ হয়॥
সেহি মতে ধুম্ৰ পাচে কহিবাক লৈলা।
মলৱাৰ বায়ু লাগি ফিৰি বাজ ভৈলা॥
আকৃতি নাহিকে তাৰ দিব্য এক স্থূল।
তেৱে ব্ৰহ্মা ভৈলা জগতৰ আদি মূল॥
থুল হন্তে এক গোট শব্দ উঠিলা।
শব্দ গোট সবাক যে বিয়পি ৰহিলা॥
তেতিক্ষণে পূণ্য তৈত উৎপতি হৈল।
এতেকেসে পূণ্য ব্ৰহ্মা জগতৰ মূল॥
শব্দ হন্তে এক নাদ হৈল উৎপতি।
চাৰি যুগ তেতিক্ষণে গৈলেক সম্প্ৰতি॥
প্ৰথমতে ভৈলা যুগ কৃষ্ণ অন্ধকাৰ।
অনিলা স্বরূপে পূণ্য ভৈলা অৱতাৰ॥
তাত পাচে যুগ আসি ভৈলা শূণ্যকাৰ।
নিলা অৱতাৰ পূণ্য চন্দ্ৰৰ আকাৰ॥