পৃষ্ঠা:দামোদৰ ব্যাখ্যা.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
দামোদৰ ব্যাখ্যা।


আৰু কহো শুনিয়োক কত দিন গৈল।
ঘৰক বান্ধোতে জানা চাৰি যুগ গৈল॥
ঠাৱৰ কৰিয়া প্ৰভু বসিলন্ত ভিৰি।
বান্ধি কহিবাক লৈল বোলে মোৰ হৰি।
এহি বলি অঙ্গে অস্থি কৰিয়া ধৰিলা।
মুষ্টিৰ ভিতৰে মায়াময় বাজ ভৈলা॥
নখে চিৰি যোনিক কৰিলন্ত কাম।
এহিসে কাৰণে তাৰ মানসা দিলা নাম॥
মানসা মাতৃক পিতৃ বিবাহ কৰিলা।
দুইৰো সংযোগে তিনি পুত্ৰ যে জন্মিলা॥
পাচে তিনি পুত্ৰ পিতৃ মাতৃ হাতে দিলা।
তিনিয়ো পুত্ৰক চাই বুলিবাক লৈলা॥
শুনিয়োক তিনি জনে আমাৰ বচন।
মানসা সহিতে সৃষ্টি কৰিয়ো স্ৰজন॥
এহি বলি মহাপ্ৰভু অন্তৰ্দ্ধান ভৈলা।
অনাদিৰ চাৰি যুগ জন্ম উঠি গৈলা॥
আৰু চাৰি যুগ কহো শুনা কৰ্ণ পাতি।
সত্য ত্ৰেতা দ্বাপৰ কলিৰ পৰিমিতি॥
এহি ষোল যুগ কহিলো সাৰে সাৰ।
ইহাৰ বাহিৰে যুগ নাহিকয় আৰ॥
হেন শুনি ৰামৰায় দুনাই বলিলা।
কহিয়োক দিন ৰাতি কেন মতে ভৈলা॥
হেন শুনি দামোদৰে কহিবাক লৈলা।
মানসাত হন্তে শৌশ্ব মৌশ্ব সবে ভৈলা॥