পৃষ্ঠা:দামোদৰ ব্যাখ্যা.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
দামোদৰ ব্যাখ্যা।


তাক বেঢ়ি আচয় পৰ্ব্বত লোকালোক।
তাৰ সিভিতিৰ কথা আবে শুনিয়োক॥
পৰ্ব্বতৰ বাহিৰত ঘোৰ অন্ধকাৰ।
নাহিকয় জীব আন প্ৰাণীৰ সঞ্চাৱ॥
ভিতৰত লোকালোক বাহিৰে অলোক।
পৰ্ব্বতক সেই হেতু বোলে লোকালোক॥
অৰ্দ্ধে উৰ্দ্ধে বাহিৰত ভিতৰ অন্ধকাৰ।
চন্দ্ৰ সূৰ্য্য নাহি তাত প্ৰাণীৰ সঞ্চাৱ॥
মহা জ্যোতি সব আছে তাহাৰ সিভিতি।
দেবে দেখিবাক তাক নপাৱে সম্প্ৰতি॥
তাক বেঢ়ি আছে মহা জল বহুদূৰ।
জলৰ বাহিৰে আছে মহা কাল পুৰ॥
তাতে মহা ৰত্নময় কৰিছে ঘৰক।
লাগায়াছে ফটিক তুম্ভ হাজাৰেক॥
গৃহৰ ভিতৰে মহা অনন্ত শয্যাত।
একৰূপে পৰম ঈশ্বৰ আছে তাত॥
জলক চৌপাশে বেঢ়ি আচয় ব্ৰহ্মাণ্ড।
বহলে পঞ্চাশ কোটী প্ৰহৰ মহীখণ্ড॥
তোমাত কহিলো পৃথিবীৰ যেন থান।
এহি মতে পূণ্যে ঘৰ কৰিব বন্ধন॥
দীৰ্ঘে প্ৰস্থে অৰ্দ্ধে উৰ্দ্ধে কহিলো প্ৰমাণী।
ঘৰৰ ভিতৰ খন কহিবোহো আমি॥
বাহিৰে কিমান শূন্য কহিবে নপাৰি।
নোৱাৰে কহিব যোগ বিচাৰিয়া হৰি॥