পৃষ্ঠা:দামোদৰ ব্যাখ্যা.pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দামোদৰ ব্যাখ্যা।

⸻০—০⸻

শ্ৰীকৃষ্ণায় নমঃ।

জয় জগন্নাথ নাৰায়ণ নিৰঞ্জন।
জয় দামোদৰ দেব দৈবকী নন্দন॥
কৃষ্ণ, চৈতন্যক নমো নমো সভাসদ।
মূৰ্খ হৈয়া ৰচিবোহে৷ ভাগবত পদ॥
সংসাৰত ভক্ত গুৰু আছে যত যত।
একেবাৰে প্ৰণামোহো সব চৰণত॥
গুপ্ত কথা প্ৰচাৰিব দামোদৰ দেৱ।
তাৰ চৰণত কৰো লক্ষকোটী সেৱ॥
মই অজ্ঞানৰ দোষ ক্ষমিবা কাৰণে।
দামোদৰ ব্যাখ্যা সবে শুনা সাবধানে॥
বঢ়া টুটা দোষ মোৰ ক্ষমিবা সম্প্ৰতি।
এতেকে সবাকো মই কৰোহো প্ৰণতি॥
নিৰ্জ্জান থানত বসি আছে একেশ্বৰে।
দুই পৰ ৰাত্ৰি বহি গৈলা অনন্তৰে॥