পৃষ্ঠা:দামোদৰ ব্যাখ্যা.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
দামোদৰ ব্যাখ্যা।


পৰ্ব্বতৰ উশৃত দীঘল আক প্ৰস্থ।
তাহাক কহিয়ো আবে শুনিয়ো ব্যৱস্থা॥
বাঢ়য় হাজার ওপৰক আছে উৰি।
সবাৰো পশ্চিমে সাগৰে আছে জুৰি॥
বহলে হাজাৰ দুই প্ৰহৰৰ পন্থ।
নয় বৰিষৰ আবে শুনিয়ো ব্যৱস্থা॥
আকে জানি নৰলোক এৰা আন কাম।
খণ্ডোক দুৰ্গতি সবে বোলা ৰাম ৰাম॥

কথা।

 দক্ষিণে ভাৰত বৰিষ, তাৰ কাষে কিমপুৰ বৰিষ, তাৰ কাষে হৰি বৰিষ, তাৰ ওপৰে কেতুমল ৰৰিষ, দাহিনত নিৰ ভদ্ৰাস্য আছে। পাছে তাৰ মধ্যে ইলাৰিত আছে, এহি বৰিষ মেৰুৰ মুৰত আছে। উত্তৰক ৰস্য আছে, তাৰ কাষে হিৰাময় আছে, এই দুইৰ উত্তৰ কুৰু বৰিষ, সবাতে অধিক ভাৰত বৰিষ, দেবতাৰ বাঞ্চিত তাহাতে জন্মিবা, নয় বৰ্ষিৰ মূৰ্ত্তি আছে, একে পূণ্যে জানিবা। আৰু দক্ষিণে পাঞ্চ বৰিষ, ভাৰত বৰিষ, তাৰ উত্তৰে কেতুমাল, তাৰ শাৰিতে ভদ্ৰস্য, পাঞ্চৰ মাজত ইলাচিত বৃত্তি, ইহাক জানিবা উত্তৰৰ তৰক যে বৰিষ প্ৰকাশ, তাহাৰ দাহিন কোনে হিৰাময় আছে, দুইৰো কাষে উত্তৰে কুৰু যেবে আছে, তিনি জনে একে সঙ্গি, তিনিয়ো ঈশ্বৰ, সঙ্গি জানিবা নিশ্চয়্‌। একে পূণ্যে তিনি জনে তাতে যাই লয়॥