পৃষ্ঠা:দামোদৰ ব্যাখ্যা.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
দামোদৰ ব্যাখ্যা।


আঠ খন পৰ্ব্বত যে কোনে ভৈলা আসি।
ইহাক কহিয়ো প্ৰভু বদন প্ৰকাশি॥
দামোদৰে বোলে শুনিয়োক ৰামৰায়।
ইসব কথাক আমি কহিব বুজাই॥
তেল গছ মূল ৰস পূণ্যে হই আছে।
জাঠি গোট একে পূণ্যে লাগি আছে গাছে॥
জৰি গছ বান্ধা জাঠি শিলা একে পূণ্যে৷
চাৰি ৰসে একে পূণ্যে জানিবা আপুনে॥
গছ পাতা শিল জৰি বান্দাৰক দুই।
সাত জনে ওপৰত আছে সঙ্গি হই॥
পাঞ্চ ৰস একে পূণ্যে কহো মই সাৰ।
গছৰ সে নিৰ্গুনা কহিলো এবে আৰ॥
পাট জৰি যুঙলি ভাগ অতিশয়॥
তিনি জনে সঙ্গি কৰি তলত আচয়॥
নয় খন বৰিষৰ পৰ্ব্বতৰ কথা।
ভাগ ভাগ কৰি কহো শুনিয়ো ব্যৱস্থা॥
একে পূণ্যে আঠ খন পৰ্ব্বত হুয়া আছে।
শুনিয়োক চাৰি চুকে কোনে বেৰি আছে॥
হেমৱত্ত হেমকুট নিসিদ্ধ তিনি জনে।
দক্ষিণত সঙ্গি তিনি বৈষ্ণব আপুনে॥
নীল শ্বেত শৃঙ্গ আছে উত্তৰৰ ভিনে।
শুভ্ৰ নাম মহন্ত তাক কহিছে আপুনে॥
সৰে গন্ধমাদন ধৰি আচয় সন্যাস।
পশ্চিমত মালৱন্ত যোগী যত ৰায়॥