পৃষ্ঠা:দামোদৰ ব্যাখ্যা.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
দামোদৰ ব্যাখ্যা।


তাহাৰ ওপৰে থাপিলেক কৈলাশক।
তাৰ অধিকাৰী কৰি দিলা মহেশক॥
তাৰ আঠ কোনে আঠ পৰ্ব্বত থাপিলা।
একে পূণ্য তিনিৰূপ ধৰিয়া বহিলা॥
কৈলাশ পৰ্ব্বত আক শঙ্কৰ গোসাই।
তিনি জনে এক সঙ্গ কৰিয়া আচয়॥
তিনি লক্ষ উশৃত গিৰি বহল কলেবৰ।
এহি পৰিমাণ জানা থান কৈলাশৰ॥
তাহাৰ ওপৰে থাপিলন্ত বৈকুণ্ঠক।
তাৰ আঠ দিশে আঠ থাপিলা ভকত॥
মধ্যে এক গোট ঘৰ শুদ্ধ সুবৰ্ণৰ।
সাত দ্বাৰে সাত সিংহ লাগায়াছে তাৰ॥
তাৰ অধিকাৰী ভৈলা বিষ্ণুদেব বৰ।
একে পূণ্যে তিনি ৰূপ জানিবাহা সাৰ॥
তেহো বিষ্ণু বৈকুণ্ঠ যে জানিবা নিশ্চয়।
সবাৰ ওপৰে সঙ্গ কৰিয়া আচয়॥
শুনিয়োক সাধু সব শুনা য়ামৰায়।
আকাশি সম্প্ৰদা কথা কহিলো বুজাই॥
ঈশ্বৰ কৃষ্ণৰ লীলা কোনে পাৱে অন্ত।
অনুগ্ৰহ কৰি কলো শুনিয়ো মহন্ত॥
শুনা নিৰন্তৰ নৰে এৰা আন কাম
পাতোক চাৰোক ডাকি বোলা ৰাম ৰাম॥