পৃষ্ঠা:দামোদৰ ব্যাখ্যা.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
দামোদৰ ব্যাখ্যা


মহলোক পৰ্ব্বত আৰু ধ্ৰুব দেবগণে।
তিনি জনে সঙ্গি কৰি আচয় যতনে॥
তাহাৰ ওপৰে জনলোক থাপি আছে।
মুনিগণ আদি কৰি তাহাতে ভ্ৰমিছে॥
আঠ দিশে আঠ খন পৰ্ব্বত বসালা।
তিনি ৰূপে তিনি মূৰ্ত্তি একে পূণ্যে ভৈলা॥
জনলোকে মুনিগণ পৰ্ব্বত সহিতে।
তিনি জনে সঙ্গি কৰি আচয় তহিতে॥
তপোলোক খন তাৰ ওপৰে থাপিলা।
তাৰ অধিকাৰী সিদ্ধ সকলক দিলা॥
তাৰ আঠ দিশে আঠ পৰ্ব্বত বসালা।
একে পূণ্যে তিনি মূৰ্ত্তি হৈয়া যে ৰহিলা॥
তপলোক পৰ্ব্বত আৰু সিদ্ধ যে সমস্ত।
তিনি জনে সঙ্গি কৰি আচয় তহিত॥
ষাঠি যে হাজাৰ গিৰি উৰ্দ্ধত ডাঙ্গৰ।
এহি পৰিমাণ জানা তপ যে লোকৰ॥
তাহাৰ ওপৰে সত্য লোক যে থাপিলা।
তাৰ অধিকাৰী কৰি ব্ৰহ্মাক যে দিলা॥
তাৰ আঠ কোনে আঠ পৰ্ব্বত থাপিলা।
একে পূণ্য তিনি ৰূপ ধৰিয়া ৰহিলা॥
সত্যলোকে ব্ৰহ্মাদেব পৰ্ব্বত সহিতে।
তিনি জনৈ সঙ্গ কৰি ৰহিলা তহিতে॥
এক লক্ষ যোজন যে উশৃত বহল।
এহি পৰিমাণ জানা সত্য যে লোকৰ॥