পৃষ্ঠা:দামোদৰ ব্যাখ্যা.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
দামোদৰ ব্যাখ্যা।


পদ।

শুনিয়োক ৰাম ৰায় উপৰি সম্প্ৰদা।
ভাগ ভাগ কৰি কহো শুনিয়ো সৰ্ব্বথা॥
ভাৰতৰ ওপৰত ভূলোক থাপিলা।
তাৰ অধিকাৰী কৰি কিন্নৰক দিলা॥
আঠ দিকে আঠ খন পৰ্ব্বত থাপিলা।
পৰ্ব্বত স্বরূপে পূণ্যে তাহাতে ৰহিলা॥
ভূলোক পৰ্ব্বত আৰু কিন্নৰ সহিতে।
তিনি জনে সঙ্গ কৰি আচয় তহিতে॥
তাহাৰ ওপৰে ভবলোক বসাইলা।
তাৰ অধিকাৰী কৰি গন্ধৰ্ব্বক থৈলা॥
তাৰ আঠ কোনে আঠ পৰ্ব্বত বসালা।
একে পূণ্যে সঙ্গ কৰি সেহি থানে ৰৈলা॥
তাহাৰ ওপৰে জানা সুৰলোক থৈলা।
ইন্দ্ৰ আদি সিতো থান তৃদশক দিলা॥
তাৰ আঠ কোনে আঠ পৰ্ব্বত থাপিলা।
একে পূণ্যে আঠ ৰূপে তহিতে ৰহিলা॥
সুৰলোক পৰ্ব্বত আৰ ত্ৰিদশ সহিতে।
তিনি জনে সঙ্গি কৰি আচয় তহিতে॥
তাহাৰ ওপৰে মহ লোকক বসালা।
তাৰ অধিকাৰী কৰি ব্ৰহ্মাক যে দিলা॥
তাৰ আঠ কোনে আঠ পৰ্ব্বত থাপিল৷।
একে পূণ্য তিনি ৰূপে তথাতে ৰহিলা॥