পৃষ্ঠা:দামোদৰ ব্যাখ্যা.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
দামোদৰ ব্যাখ্যা।


দলৰি।

শুনি ৰামৰায়,  বুলিলা দুনাই,
 দণ্ডৱতে পৰি যথা।
ভাৰতৰ পৰা,  ওপৰে কহিয়ো,
 শুনো ব্ৰহ্মাণ্ডৰ কথা॥
দামোদৰে বোলে,  শুনা ৰাম ৰায়,
 কহিব আমি সমস্ত।
ওপৰত সাত,  তলে সাত খন,
 মধ্যত আছে ভাৰত॥
মহা জ্ঞানী লোকে,  মনুষ্য থাপিলা,
 আপুনি লীলা কৰন্ত।
চব্বিশ অবতাৰ,  ধৰি বাৰে বাৰে,
 কোনে কহি পাৱে অন্ত॥
আশি বিধ ভক্তি,  প্ৰচাৰ কৰিয়া,
 ভাৰতে থাপি আচয়।
যাৰ যেন মত,  সেহি রূপে চিত্তে,
 কাহাৰো নাহি সংশয়॥
উৰণ বুৰণ,  গজন ভ্ৰমণ,
 এহি চাৰি মুথি জীৱ।
অলঙ্কা, বলঙ্কা,  চেদঙ্ক, কলঙ্ক,
 আঠক তুমি শুনিয়ে৷॥