পৃষ্ঠা:দামোদৰ ব্যাখ্যা.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
দামোদৰ ব্যাখ্যা।


ওঁং বুলিলন্তে পৰমাত্মা বাজ হয়।
সঙ্গ সোমাই গুৰুই চক্ৰতে ঘূৰায়॥
ওঁং হুং সঙ্গ নাম ব্ৰহ্মা তিনি সঙ্গ জানা।
তিনি নামে তিনি সঙ্গি, একে পোনে মানা॥
গুৰু শিষ্যে একে কাঁয় ভিন্ন ভাৱ নাই।
পৰিচয় ভৈলে পাচে হোৰে এক ঠাই॥
মাধবে বোলন্ত প্ৰভু শুনিয়ো কাৰণ।
কোনে ভৈল ধুপ দীপ কহিয়ো এখন॥
দামোদৰ বদতি যে শুনিয়ো মাধৱ।
ইসব কথাক তুমি নকৰা সংশয়॥
পূৰ্ণব্ৰহ্ম চব্বিশ তত্ত্ব ভৈলা যেবে।
থানে থানে আসনত বসিলন্ত তেবে॥
ভাগে ভাগে তোমাত যে কহিব বুজাই।
তোমাৰ আমাৰ একো ভিন্ন ভাৱ নাই॥
কাত কোনে আশ্ৰয় কৰিছে সৰ্ব্বদাই।
কথা সম্প্ৰদায়ে তাক কহিব বুজাই॥
একে জানি সভাসদ এৱা আন মতি।
ৰাম কৃষ্ণ বুলি সাধা জীৱৰ মুকুতি॥