পৃষ্ঠা:দামোদৰ ব্যাখ্যা.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
দামোদৰ ব্যাখ্যা


পদ্মযে অনিল এক ৰক্তকাত্তি হোৱয়।
পদ্মযে অনিল আক শুনিয়ো নিশ্চয়॥
কাশ্যপ যে পাৰিষদ মেণ্ডুকি ভকত।
পৰ্ব্বত নিৰ্গুণা তাৰ জানিবা সাক্ষাত॥
বাৰ জন মহন্ত আক জানিবা নিশ্চয়।
নিবিৰ স্বরূপে তাৰা কীৰ্ত্তন কৰয়॥
হেন শুনি ৰামৰায় বুলিলা বচন
কেন মতে নিবিৰ যে কৰন্ত কীৰ্ত্তন॥
দামোদৰ বদতি শুনিয়ো ৰামৰায়।
নিবিৰ কীৰ্ত্তন খন কাহাক বোলয়॥
ধূপ দীপ নৈবেদ্য চন্দন যে সম্ভাৰ।
আপনাতে অৰ্পি সবে কৰে ঝাতিষ্কাৰ॥
হৃদি মধ্যে বসি জীয়ে চিন্তি কাক লয়।
তল মুখে গুৰু নিয়া আসনে বসায়॥
নাম মালা ধৰি অষ্ট সত্য জপ কৰে।
কীৰ্ত্তনক স্মৰি থাকে কণ্ঠৰ ভিতৰে॥
পৰমাত্মা গুৰু জীৱ শিষ্য বুলি কয়।
সেবাক সম্বৰি চলি যাই নিজ ঠায়॥
নিজ নাম গুণে যেবে জীৱ হৈয়া আছে।
আৰু দুই জনে বাদ্য থাপিলন্ত পাচে॥৷
বাহিৰত চন্দ্ৰ সূৰ্য্য একত্ৰে জলয়।
প্ৰলয় ভৈলেসে তাৰ প্ৰকাশ গুচয়॥
জীৱ আত্মা গোটে শিষ্য পৰমাত্মা গুৰু।
বায়ুৰূপে প্ৰবেশিলা যেন কল্পতৰু॥