দমদম-বসিৰহাটৰ ঘটনাৰ পিচত—
ভাৰতৰ বিপ্লৱী সাম্যবাদী দল
—এক—
দমদম বসিৰহাট আদি ঠাইত যিদিনা বিপ্লৱী সাম্যবাদী দলৰ সশস্ত্ৰ আঘাত পৰিছিল সিদিনা সমস্ত ভাৰতবৰ্ষই যেন হঠাৎ চমকি উঠিছিল। অত্যাচাৰ আৰু পীড়ণৰ লানি নিচিঙা ইতিহাসক হঠাৎ এনে জোকৰা দিলে যি জোকৰা ইমান দিনে পোৱা নাছিল। আঘাতৰ প্ৰচণ্ডতা কিমান ডাঙৰ বা কিমান খিনি আছিল সেইটো হিচাব কৰা নাই কিন্তু এনে ধৰণৰ বৈপ্লৱিক আঘাত হানাৰ প্ৰয়োজনীয়তা, সাৰ্থকতাবোধ, ক্ষমতা আৰু প্ৰেৰণা যে নিৰ্য্যাতিত ভাৰতবাসীৰ মাজত লুকাই আছে; সেই অগ্নিগৰ্ভ সম্ভৱনাক সকলোৰে চকুৰ আগত দাঙি ধৰিছে। চৰকাৰী প্ৰত্যাঘাত, দুষ্ট খবৰৰ কাকতৰ মিছা প্ৰচাৰ, নকল বিপ্লৱী সকলৰ ভণ্ডামী, কংগ্ৰেচী প্ৰতিক্ৰিয়াৰ আতঙ্কধ্বনি অতিক্ৰম কৰিও যি সত্য যি বাণী নীৰৱে সকলোৰে কাণত সেই আঘাত আনিছিল, নতুন যুগৰ ইঙ্গীত, বৰ্ত্তমান যুগৰ সংগ্ৰামৰ কথা আৰু কৌশলক সকলোৰে কাণে কাণে বিলাই দিছিল। কোনেও বুজিবলৈ বাকী নাথাকিল যে এই আঘাত সম্পূৰ্ণ নতুন জাতৰ, নতুন ৰূপৰ।
আজি আৰু কোনো বিপ্লৱীয়েই অস্বীকাৰ কৰিবলৈ উপায় নাই যে “জনসাধাৰণৰ ৰাজ” কায়েম কৰাৰ বাটত ‘দমদম বসিৰহাট-এ এক অপূৰ্ব্ব প্ৰেৰণা আৰু ইঙ্গীত দি গৈছে। তাৰ পিচৰ পৰাই বনুৱা আৰু কৃষক আন্দোলন কিমান বেগবান, কিমান তেজস্বী আৰু কিমান সাহসী হৈছে; পিচৰ ঘটনাসমূহৰ পৰা বুজা যায়। শ্ৰীৰামপুৰ, পটৰী ওৱাৰ্কচ, হাওৰা, হুগলী, ২৪ পৰগণাৰ অ’ত ত’ত, কলিকতাৰ ৰাস্তাই-ঘাটে জনসাধাৰণৰ যি অপূৰ্ব্ব বিপ্লৱী আৰু বিদ্ৰোহী মূৰ্ত্তি