সমললৈ যাওক

পৃষ্ঠা:দমদম-বসিৰহাটৰ ঘটনাৰ পিচত ভাৰতৰ বিপ্লৱী সাম্যবাদী দল.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ 20 ] -তিনি— শত্ৰুৰ বিৰুদ্ধে এই শেষ সংগ্ৰামত পৃথিবীৰ বিপ্লৱী শক্তি বিলাকে নিজৰ নিজৰ শিবিৰতে৷ নানা কঠিন সমস্যাৰ লগত অন্তষু দ্ধ কৰিব লগা হৈছে। বহু ৰকমৰ সুবিধা, ভয়, সঙ্কোচ, কুসংস্কাৰ আজিও বিপ্লৱী সকল শিবিৰত আছে—সংঘাত মাজেদি এই বোৰ আবৰ্দ্ধনা ক্ৰমশঃ দূৰ হৈ গৈছে যদিও কিন্তু এই নিস্কাষণ আৰু সংশোধনৰ কামটো কঠিন পীড়াদায়ক আক কষ্ট সাধ্য হৈছে নেতৃত্ব, কৰ্মপন্থা, কাৰ্যক্ৰম, বীতি নীতি, স্থান আৰু কাল ইত্যাদি যাবতীয় বিষয়ে বিপ্লৱী শিক্ষিত নানা ৰকমৰ সুবিধাবাদী প্ৰভাবে আগুৰি আছিল— কিন্তু সাক্ষাৎ এই সংগ্ৰামৰ সময়ত এই বোৰে আজি কম বাধা দিয়া নাই—আৰু অত্যন্ত কঠিন বেদনাদায়ক সঙ্কটৰ মাজেদি আকৌ পূৰ্ণ বৈপ্লৱিক চিন্তা ধাৰা আ নতুন নেতৃত্ব প্ৰতিষ্ঠিত হব ধাৰিছে। প্ৰথমতঃ দ্বিতীয় মহাযুদ্ধৰ পিচত দেশে দেশে যি বৈপ্লৱিক বিদ্ৰোহ চাৰিও পিনৰ পৰা দেখা দিছে; তাক প্ৰথমে বিপ্লৱ বুলি স্বীকাৰ কৰিবলৈ আৰু তাক স্বেচ্ছায় বিশ্ব বিপ্লৱৰ দিনত সজ্ঞানে আগুৱাই নিবলৈ বৰ সঙ্কোচ কৰিছিল— নেতৃত্ব আৰু অধিষ্ঠিত দল বোবে। কিন্তু ইতিহাসৰ ৰূঢ় আঘাতত এই টোপনি যদিও ভাঙিব ধৰিছে— তথাপিও বিশ্ববিপ্লৱক কোন দেশৰ বিপ্লৱীসকলে কিমান খিনি গ্ৰহণ কৰিবলৈ প্ৰস্তুত হৈছে আজিও সেই কথা কোৱা টান। এচিয়াত যি চেতনা বহু বেচি প্ৰখৰ আৰু তীব্ৰ হৈছে—কিন্তু ইয়োৰোপত আজি সেই বৈপ্লৱিক প্ৰভিজ্ঞা দেখা দিছে বুলি মনত নধৰে—আজিও সেই ঠাইৰ সাম্যবাদী সকলে নিয়মতান্ত্ৰিকতাৰ মোহ এৰিব পৰা নাই আৰু বহু বাৰ বহু সুযোগ এনেয়ে নষ্ট কৰিছে আৰু প্ৰতিক্ৰিয়াশীল শক্তিবোৰক সাজু হৈ লবৰ সুযোগ দিছে। দ্বিতীয়তঃ ষ্টালিনৰ নেতৃত্বই কি বিচাৰে সেইটো আজিও স্পষ্ট নহয় পৃথিবীব্যাপী কমিউনিষ্ট পাৰ্টি বোৰৰ নেতা হিচাবে কি বিচাৰে এইকথা তেওঁ যি কোনো কাৰণতেই হওক কোৱা নাই। হয়তো তেওঁ নিজৰ মন এতিয়াও