সমললৈ যাওক

পৃষ্ঠা:দমদম-বসিৰহাটৰ ঘটনাৰ পিচত ভাৰতৰ বিপ্লৱী সাম্যবাদী দল.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ] লেনিনৰ দিনত উৎপাদিকা শক্তিৰ সম্বন্ধ ধনতন্ত্ৰৰ পৰা সাম্ৰাজ্যবাদত আহি পৰিছে—যেতিয়া তাৰ দেশীয় ভিত্তি এৰাই গৈছে সাম্ৰাজ্যিক ব্যপকতাত। ফলত ইংলণ্ড, জাৰ্মানী, ফ্ৰাচী, আমেৰিকা প্ৰভৃতি দেশৰ উৎপাদন বণ্টন বিনিময় ব্যৱস্থাৰ বাস্তৱ ভিত্তি আৰু দেশ-কেন্দ্ৰিক নাথাকিল—ক্ৰমশঃ বিশ্বকেন্দ্ৰিক হবলৈ আৰম্ভ কৰিলে। এই যুগত দেখা দিলে সাম্ৰাজ্যবাদী যুদ্ধ আৰু যুদ্ধই এই ক্ৰমবৰ্দ্ধমান উৎপাদিকা শক্তিক কৰিলে আৰু বেচি পৰ- দেশ নিৰ্ভৰশীল৷ এই লেনিনৰ যুগত যেতিয়া দেশত ঘটি গল প্ৰথম সাৰ্থক সমাজতান্ত্ৰিক বিপ্লৱ, তেতিয়া সাম্যবাদৰ বিজ্ঞানাগাৰত নতুন কথা স্বীকাৰ কৰিব লগাত পৰিল—কিয়নো পৃথিবী মাৰ্ক্সৰ আমোলতকৈ পৰিবৰ্ত্তিত হৈছে। বিপ্লৱৰ দেশকেন্দ্ৰিক বিচাৰৰ পৰা সাম্ৰাজ্য-কেন্দ্ৰিক বিচাৰ হল—কিয়নো দেশ তেতিয়া হৈছে সাম্ৰাজ্য, জাতীয়তা হৈছে সাম্ৰাজ্যবাদত পৰিণত। আৰু দেশ যেতিয়া সাম্ৰাজ্য হল তেতিয়া দেশখন কেৱল ডাঙৰ নহল -আচলতে ডাঙৰ হোৱা মানে সাম্ৰাজ্যবাদী হোৱাটো নহয়—সাম্ৰাজ্যবাদৰ অৰ্থনীতি, ৰাজনীতি, শাসন, শোষণ, ভাগ-বণ্টন, লেন-দেন, টাকা পইচাৰ দেনা-পাওনা৷ বিচাৰ আচাৰ আদি সকলোতেই সেই পুৰণি জাতীয়তা বা দেশবাদৰ বহু ৰূপান্তৰ ঘটাই দিলে৷ লেনিনৰ 'সাম্ৰাজ্যবাদ' পঢ়িলেই সেইটো বুজি পোৱা যায়। বৈপ্লৱিক ৰীতি নীতিৰ বিচাৰতে৷ নতুন কথা আছিল—অৰ্থাৎ যিদেশ যিমানে শিল্পোন্নত সেই দেশত সিমানেই বিপ্লৱাসন্ন এনে ধৰণৰ কোনো কথাই নাথাকিল—বিচাৰত ঠিক হল, সাম্ৰাজ্যবাদী যি শিকলিয়ে পৃথিবীৰ বুকে পিঠিয়ে বান্ধি পেলাইছে তাৰ সেই গাঠিটোতেই চিঙি যাব যিটো গাঠি আটাইতকৈ দুৰ্ব্বল আৰু যিটোৰ ওপৰত পৰিব বেচি আঘাত। সেই হিচাবে সাম্ৰাজ্যবাদী শিকলিৰ আটাইতকৈ দুৰ্ব্বল যিটো গাঠি অৰ্থাৎ ৰুচিয়াতেই প্ৰথমে গল চিঙি। এই হিচাবে অপেক্ষাকৃত পিচুৱাই পৰা ৰুচিয়া অগ্ৰগামী ইয়োৰোপ আৰু আমেৰিকাৰ আগতেই মুক্ত হল। লেনিনৰ এই যুগত সকলো দেশৰ অৰ্থনৈতিক স্বয়ং-সম্পূৰ্ণতা আৰু আত্ম-