সমললৈ যাওক

পৃষ্ঠা:দমদম-বসিৰহাটৰ ঘটনাৰ পিচত ভাৰতৰ বিপ্লৱী সাম্যবাদী দল.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[১০]

কোনো কালতে তেনে নাছিল—প্ৰত্যেকখন দেশৰ প্ৰত্যেকজন মানুহৰ চিন্তাতে পৰিছে এটা কঠিন হেচা – যিটো কোনো কালেই পৰা নাছিল ইতিহাসে আজি মানুহক মানুহ হবৰ কাৰণে এনে এটা দুৰ্লঙ্ঘ আহ্বান কৰিছে, যাৰ হাত সাৰিৰ উপায় নাই— কূপমণ্ডুকতাবদ্ধ, দেশ-জাতি সংস্কাৰাচ্ছান্ন মানুহৰ পৰা দাবী কৰিছে সাম্যবাদী এখন পৃথিবীৰ সম্পূৰ্ণ সচেতন নাগৰিকতাই— নহলে একোৱেই নাই, অনিবাৰ্য্য ধ্বংস—এনে বেপৰোৱা অৱস্থাৰ সম্মুখীন আৰু কেতিয়াও সি হোৱা নাছিল। এনে বিপদজনক অৱস্থাতো সি কেতিয়াও পৰা নাছিল, আকৌ এনে উজ্জ্বল ভবিষ্যতো তাৰ কোনো কালতেই অহা নাছিল। এই কাৰণে আজিৰ দিনত পৰিষ্কাৰ চিন্তা- বৈজ্ঞানিক চিন্তা, মোহ আৰু সংস্কাৰ হীন বিচাৰৰ এনে প্ৰয়োজন যাৰ কোনো কালতেই ইমান দৰকাৰ হোৱা নাছিল।

মাৰ্ক্স আৰু এঙ্গেলচৰ আমোলত সাম্যবাদক তেওঁলোকে আন্তৰ্জাতিক আন্দোলন হিচাবে গ্ৰহণ কৰিলেও তাহানিৰ ধনতান্ত্ৰিক অৰ্থনীতি আছিল দেশপ্ৰধান—অৰ্থাৎ বুৰ্জোৱা ধনপতি সকলে তেওঁলোকৰ শিল্প বাণিজ্যৰ ভেটিটোক নিজৰ দেশ খনকেই বুলি ধৰি লৈছিল— বহিৰ্বাণিজ্য আছিল আৰু ক্ৰমেই বাঢ়ি গৈছিল উৎপাদিকা শক্তি বঢ়াৰ লগে লগে কিন্তু সেইটো আছিল তেওঁ লোকৰ শিল্পোদ্যমৰ পৰিপূৰক হিচাবে। এই কাৰণে তাহানিখনৰ বিপ্লৱৰ নীতি আৰু কৌশলো সেই সময়ৰ উৎপাদিকা শক্তি আৰু সম্বন্ধ বিচাৰ আৰু তাৰ মুক্তিৰ উপৰতেই নিবন্ধ আছিল—সেই কাৰণে তেতিয়া আছিল ইউৰোপীয় উৎপাদিকা শক্তিৰ ইয়োৰোপীয় সমাজতান্ত্ৰিক বিপ্লৱ বা মুক্তিৰ প্ৰত্যক্ষ প্ৰয়োজন সাপেক্ষ। তেতিয়াৰ দিনৰ ইউৰোপীয় শিল্প বাণিজ্যৰ পৃথিবীব্যাপী এই সংযোজনা ইমান নিবিড় ইমান অঙ্গাঙ্গীবদ্ধ হোৱা নাছিল গতিকে মাৰ্ক্স-এঙ্গেলচে তেতিয়াৰ বৈপ্লৱিক সম্ভৱনাৰ বিচাৰ দেশ হিচাবেই কৰি গৈছে আৰু কৈছিল যে 'যি দেশে যিমানে শিল্পোন্নত সেই দেশ সিমানে বিপ্লৱাসন্ন।'