সমললৈ যাওক

পৃষ্ঠা:দমদম-বসিৰহাটৰ ঘটনাৰ পিচত ভাৰতৰ বিপ্লৱী সাম্যবাদী দল.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ a ] নাথাকে। অৱস্থা আৰু কাৰ্য্যকবিতাৰ প্ৰয়োজনত কেতিয়া কি জাতীয় আঘাত হানিব লাগিব; তাৰ কোনো স্থিৰ নিৰ্দিষ্ট নিয়ম নাই। তাৰ বাহিৰেও শত্ৰুক অপ্ৰত্যাশিত আঘাত দিব্ব হলে, তাক বিস্মিত আৰু বিভ্ৰান্ত কৰাও হব এটি কৌশল—অতৰ্কিত আৰু অপ্ৰত্যাশিত আঘাত দিব লাগিব, সি যি পিনৰ পৰা প্ৰস্তুত সেই পিনৰ পৰা নহয়—যি পিনৰ পৰা প্ৰস্তুত নহয়, দুৰ্ব্বল সেই পিনৰ পৰা আঘাত হানিব লাগিব। এই কাৰণে হুবহু দমদম বসিৰহাটৰ দৰে আকৌ কৰা হব এনে কোনো ধাৰণা কৰি ৰাখা ঠিক নহয়—যেনে ঠিক নহয় যে সেই ধৰণৰ আঘাত আৰু কৰাই নহব, এনে ধাৰণাe | —দুই— এতিয়া আমি অলপ সম্মুখৰ পিনে চাওঁ— পৃথিবীৰ সংগ্ৰামশীল ছবি খনৰ পিনে চাওঁ। কিয়নো যি জাতীয় সংগ্ৰাম আমি কৰিছো, কৰিব গৈছো আৰু সকলোকে কৰিবলৈ আহ্বান জনাইছো, আজিৰ পৰিপ্ৰেক্ষিত তাৰ সাৰ্থকতা, প্ৰয়োজনীয়তা, বৈজ্ঞানিকতা ক'ত তাকো বাৰে বাৰে চাই লব লাগিব। অদ্ধ সংগ্ৰাম আৰু ব্যৰ্থক্ষয় আমাৰ উদ্দেশ্য নহয়। পৃথিবীত বিশেষ কৰি এচিয়াৰ পূব পিনৰ দেশবোৰত আজি বিপ্লৱৰ লেলিহান ৰূপ দেখা পাইছো, তাৰ ব্যাপকতা, সাৰ্থকতা আৰু গভীৰতাৰ সম্ভৱনা কিমান খিনি তাৰ বিচাৰ আমি কৰিবই লাগিব আৰু বাৰে বাৰে -পৰিস্থিতিৰ সামগ্ৰিক বিচাৰ কৰি প্ৰত্যেকটো কামৰ ৰূপ দিব লাগিব। কোনো পুনৰোক্তিয়েই অতিৰিক্ত নহয় এই বিষয়ত। কিয়নো পৃথিবীৰ সামাজিক যুগান্তৰৰ যি সঙ্কটময় বুগত আমি আহি উপস্থিত হৈছে৷ তাৰ সমস্যাৰ জটিলতা, ব্যাপকতা, আৰু গভীৰতা ইমান বেচি ' আজি, যি