পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৪৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


আপুনি উদ্ধাৰ হব।” বিদেশী এই তিনি পন্থৰ তিনিজন সাধুৱে এইদৰে কোৱা শুনি আমাৰ কেবলীয়াসকলে মনে মনে থাকিব নোৱাৰি, সবাতকৈ বয়সিয়াল জনে কলে:— চৌধাৰী বাপ ! আপুনি কি ভাবিছে কব নোৱাৰোঁ। অামি জনাত হলে আপুনি এইবিলাক বিদেশী পচিমীয়া হিন্দুস্থানীৰ কথা মতে নচলিব। অামাৰ মহাপুৰুষ গুৰুৱে লিখা মতে কৃষ্ণইহে আমাৰ সকলো দুখ দুৰ্গতি দূৰ কৰিব পাৰে। কীৰ্ত্তনত কৈছে:— কৃষ্ণ এক দেব দুঃখহাৰী”— এতেকে আমাৰ খাৰ-খোৱা অসমীয়াই বিদেশী মানুহৰ কথাত ভোল নগই, ইবিলাক সিবিলাক সকলো এৰি, বিষয়ৰ ধান্দাকো মনত পৰা দূৰ কৰি একান্ত মনে কৃষ্ণত হে ভজিব লাগে।” কেৱলীয়াজনৰ অসমীয়াতে কোৱা কথাকো বামাচাৰী আৰু নাগা উভয়ে বুজি গৰ্জ্জি কলে :—“থই দে তোৰ কিছন কিছুনক। সি একো কৰিব নেৱাৰে। তোৰ কিছন্‌ এটা লম্পট দগাবাজ। তাৰ আশ্ৰয় লোৱাটো উচিত নহয়। কালীক ভজ, শিবক ভজ, তেহে হিন্দুৰ জয় জয়কাৰ হব”। কেৱলীয়া জনে কলে:-—“বাবাজী ! তোমালোকে নাজানা কৃষ্ণহে সকলোতকৈ ডাঙ্গৰ। তোমাৰ কালী অাৰু সদাশিবো কৃষ্ণৰ আজ্ঞাকাৰী।” বামাচাৰী অাৰু নাগাজনে কলে: “হেৰ কেৱলীয়া ! কেতিয়া আমাৰ কালী আৰু সদাশিব তোৰ কৃষ্ণৰ আজ্ঞাকাৰী হৈছিল ? দেখ ! তহঁতৰ ৰামচন্দ্ৰেও ভগৱতী আৰাধনা নকৰাকৈ