পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কীট, আমি ধূলি, আমি বালি, আমি পদৰেণু, আমি দাসৰ দাস” এনেকুৱা বিলাক নিঃকিন ভাবৰ কথা কই কই, অনিকো তাকে শিকাই তহঁতে আমাৰ হিন্দুক ভীৰু আৰু কাপুৰুষ কৰি দেশখান তললৈ নিয়ালি। আমি জানোঁ জীব মাত্ৰেই নিজৰ সামৰ্থ্য উপলদ্ধি কৰি “শিবোহং শিবোহং” কলেহে, ভাবিলেহে হিন্দুৰ উন্নতি হব। হিন্দুৰ কাপুৰুষতা দূৰ হব। আধা মেলা, আধা জাপ খোৱা ধুলু ধুলু চকুৰে নামাত নোবোল হই থকা বামাচাৰী তান্ত্ৰিকজনে চকু ৰঙা কৰি জোৰেৰে কলে: —“থই দে তহঁতৰ কথা। শক্তিক নভজিলে বেটা হঁত কেনেকৈ শক্ত হবি। মই কওঁ হিন্দু মাত্ৰেই “মা কালী! জয় মা দুৰ্গা” কব লাগে তেহে শক্তিয়ে শক্তি দিব। শক্তি পালেহে বীৰ হব পাৰি, মানুহ বোলাব পাৰি। শক্তিয়ে শক্তি নিদিলে তোৰ ৰাম বা কৃষ্ণে হিন্দুক বলী, বীৰ কৰিব নোৱাৰে। জহা চাউল, দুধ, ফুল-ফল পানী খাই বলবান বা শক্ত কোন হব পাৰে? হাতীটো ইমান ডাঙৰ, কিন্তু সি ঘাঁহ খোৱাৰ বাৰে ভীৰু— তাৰ সাহ নাই। সিংহে মঙ্গহ খায় সেই দেখি সৰু আকাৰৰ সিংহ একোটায়ে সেই লেখীয়া ভীমকায় হাতীকো বধ কৰে। মই কওঁ, বোল “মা কালী, খা কাৰণ, খা পঠাৰ ঝোল। তেহে হব তোৰ গাত বল। গাত বল হলে শক্তি হব শক্তি হলে সাহ হব। সাহ হলে বীৰ হব পাৰি। প্ৰত্যেকটো হিন্দুয়েই এইদৰে বীৰ হলে দেশ আপোনা-