পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৪১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


       উজনীৰ পৰা মানুহ যোৰা উলটি আহি পোৱাৰ পিছ দিনা গধুলি আমাৰ হৰদত্ত চৌধাৰী তেওঁৰ সেই বাহিৰা মন্দিৰলৈ আহি পোনে প্ৰথমে আৰতি চালে, তাৰ পিছত গই আলহী-ঘৰত সাধু সন্ত কেইজনক মূৰ দোঁৱাই সেৱা কৰি সুধিলে:—“বাবা সকল ! আপোনাসকলৰ সেৱা সৎকাৰৰ কোনো ক্ৰটী হোৱা নাইতো ! সন্ত সাধু সকলে কলে:—“নাই হোৱা বাবা ! আপোনাৰ কৃপাত অামি বৰ আনন্দত আছোঁ।” হৰদত্ত—“বাবা সকল ! মোৰ মনত কথা এটা খেলাইছে। কথাটো এই যে আমাৰ হিন্দুৰ আৰু আগলৈ উঠাৰ, স্বাধীনতা লভাৰ কোনো উপায় নাই নে ? আমি হিন্দু জাতিটো চিৰকালেই পৰৰ গোলাম হৈয়ে থাকিম নে ?” চৌধাৰীৰ এই কথাত সাধু সকলে অলপ পৰ তম্ভি পোনেই বৰাগীজনে কলে—“বাবা ! ঘোৰ কলিকাল পৰিছে। বঙ্গ, অসম ইত্যাদি দেশত যে আকৌ হিন্দু জাতি উঠিব, স্বাধীন হব, এনেকুৱা আশা নাই। আমি এতিয়া একলেখীয়া বুঢ়া জাতি। এতিয়া আমাৰ ৰাজনীতি চৰ্চ্চা কৰা বা স্বাধীন হঁও এনেকুৱা ভাব কৰা দিন নাই। আমাৰ এতিয়া ঈশ্বৰ-সেৱা কৰিহে কাল কটাব লাগে। বৰাগীজনৰ এই কথাত নাগা সাধুজনে চকু পকাই বৰাগীক ধমক দি কলে:—“থইদে তোৰ কথা। তহঁত বৰাগীবিলাক যেনেকুৱা ভয়াতুৰ, ইফালে খোৱাতো নিৰহ নিপানী, আনকো তেনেকুৱা হাবলৈকে বুধি দিয়। আমি হীন, আমি বুঢ়া, আমি