পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ঠাই:—কামাখ্যা, ভুবনেশ্বৰী, শুক্লেশ্বৰ, উগ্ৰতাৰা ছত্ৰকাৰ, নবগ্ৰহ, বশিষ্ঠ। ব্ৰহ্মপুত্ৰৰ মাজত উমানন্দ। উত্তৰ পাৰে অশ্বক্লান্ত, মনিকৰ্ণেশ্বৰ, ৰূদ্ৰেশ্বৰ, দীৰ্ঘেশ্বৰী। হাজোত কো মাধব। বংশৰ মৌজাত মদন কামদেব। বৰপেটাত মহাপুৰুষীয়া, দামোদৰীয়া, হৰিদেৱী অনেক থান আৰু সত্ৰ। এই দেবালয়, থান সত্ৰ বিলাকত ব্ৰাহ্মণ, বৈষ্ণৱ, আঠপৰীয়া ইত্যাদিত বাজেও মাজে মাজে পচিমৰ পৰা তীৰ্থ কৰিবলৈ অহা যোৱা কৰা হিন্দুস্থানী বঙালী সন্ন্যাসী বৰাগীও থাকে। কামৰূপীয়া ভাল মানুহৰ ঘৰে-দুৱাৰেও মাজে সময়ে ঠায়ে ঠায়ে দুই চাৰিজন বৰাগী, সন্ন্যাসী থাকে। আমি যি সময়ৰ কথা লেখিছোঁ সেই সময়তো কামৰূপীয়া ভাল মানুহ চাৰি ঘৰৰ গোসাই ঘৰ, মন্দিৰ ইত্যাদিত সাধু সন্ন্যাসী, বৰাগীয়ে জিৰনি লইছিল।
       হৰদত্তৰ মানুহ যোৰা উজনিৰ পৰা উলটি অহাৰ সময়ত অৰ্থাৎ সেই শাওন মাহত তেওঁৰ বাহিৰা মন্দিৰত তীৰ্থৰ পৰা ওলটা দুজন বৰাগী, এজন নাগাসন্ন্যাসী, এজন বামাচাৰী তান্ত্ৰিক আৰু তিনি চাৰিজনমান ভাটীৰ ফালৰ তীৰ্থলৈ যাবলৈ ওলাই অহা আমাৰ অসমীয়া কেৱলীয়া ভকতো আছিল। হৰদতে-সাধু সন্তক, ফকিৰ ফকৰক তেওঁৰ এই মন্দিৰতে ৰাখি দুই চাৰিদিন সেৱাশুশ্ৰূষা কৰিবলৈ আৰু সেই সকলৰ লগত ধৰ্ম্ম আলাপ, বিদেশৰ আলাপাদি কৰিবলৈ ভাল পাইছিল।