পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিচৰাতকৈ বৰফুকনকে উঠাই দি আমি কৰ-কাটল বন্ধ কৰোঁ; আৰু এই কাৰণে বৰফুকনে যদি ৰণ কৰে আমিও ৰণ দিবলৈ সাজু হওঁ।
      বৰ-নগৰীয়া বৰুৱা:—“বাপা বীৰদত্ত! তুমি যিটো কৈছা সেইটো সচা; কিন্তু আমাৰ মানুহক সহজে গোট খুৱাই একেডাল ডোলতে বন্ধা টান। গোট খুৱাব পাৰিলেও সেই গোট-পিট আৰু বান্ধ সৰহ দিনলৈ নাথাকে; ইত্যাদি কাৰণে আৰু ধৰ্ম্মক ধিয়াই মোৰ মনেৰে হলে ৰংপুৰৰ বুঢ়া গোঁহাই আৰু ৰজালৈ মানুহ পঠাই আগেয়ে খবৰ দিব লাগে॥ তাৰ পৰা যদি সুবিচাৰ হয় ভাল। কিন্তু তেতিয়াও যদি সুবিচাৰ নহয়, তেন্তে পিছত গোট-পিট খাই যি হয় কৰা যাব। আমাৰ হৰদত্ত বাপায়ে মনে মনে উত্তৰ পাৰেদি মানুহ এ এযোৰা পঠাওক। সেই মানুহ উলটি আহি পালে হৰদত্ত বাপাই আমাক জনাব। আমি এইবাৰ অহা দুৰ্গোৎসৱত হৰদত্ত বাপাৰ ঘৰতে
আটাইবিলাক গোট-পিট খাই যি উচিত হয় কৰিম। ” বৰ-নগৰীয়া বৰুৱাৰ এই সুপৰামৰ্শ সকলোৰে মনোনীত হল। আটাইবিলাক বৰুৱা চৌধাৰীয়েই এই পৰামৰ্শৰ পিছত সৰু সৰু নাৱেৰে ব্ৰহ্মপুত্ৰ পাৰ হৈ দিহা-দিহি নিজ ঘৰলৈ গল।

————————