পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


৺২য় পুত্ৰ পূৰ্ণকান্ত বৰদলৈৰ উদ্দেশ্যে


বাবুল
 আজি কুৰি বছৰ হ’ল তই তোৰ মৰমৰ দেউতাৰক এৰি বৈকুণ্ঠি হলি। তই জীয়াই থকা কাললৈকে তোৰ হতভগীয়া পিতৃৰ সৰ্ব্বপ্ৰকাৰ উন্নতি হৈছিল। তই বৈকুণ্ঠি হবৰে পৰা এই হতভগীয়াই আৰু সুখ সন্তোষৰ মুখ দেখা নাই। তই যোৱাৰ দুবছৰৰ পিছতে তোৰ বৰ ককায়েৰ ৺গোলোক কান্তও গল। কান্দোতে কান্দোতে দুৰ্ভগীয়াৰ চকু কণা হব লগীয়া হৈছিল। তোৰ মাৰে এদিন শপোন দেখিছিল তই হেনো জীয়াই থকা কালত যেনেকুৱা ১৫ বছৰীয়া লৰা আছিলি সিপুৰিত হেনো তই তাতোকৈ ধুনীয়া হৈ, কপালত বগা চন্দনৰ ফোট পিন্ধি তই যেন জগন্নাথৰ পাণ্ডা হৈ জগন্নাথলৈ যাত্ৰী লৈ লৈ যাওৱ। তই নিশ্চয় সেই জগন্নাথ, অনাথৰ নাথ, প্ৰাণবন্ধু, দীনদয়াল কৃষ্ণৰ পাৰিষদ হৈছগৈ। আৰু কৃষ্ণক ভাল পোৱা জীৱ সকলক কৃষ্ণৰ ওচৰলৈ আগবয়াই নিয়! তোৰ এই হতভগীয়া দেউতাৰকো এই নশ্বৰ দেহা এৰিলে কৃষ্ণৰ ওচৰলৈ লই যাবিনে?