পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১৬৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


পাঠক! কুমেদান চৰ্দ্দাৰ বৰফুকনৰ বেজ বৰুৱাৰ দ্বাৰাই চিকিৎসিত হৈ সৰ্ঠি সৰ্ঠি বাচিল৷ তেওঁ এমাহ মানৰ মুৰত ভাল হৈ বৰফুকনৰ পৰা প্ৰতিশ্ৰুত ৰূপ শ বটা লৈ তেওঁৰ শিখ সকলক বৰফুকনৰ চাকৰিতে এৰি ভটিয়াই গল৷ কেৱে কয়, পদ্মকুমাৰী আৰু বৰুৱাৰ মৃত্যুতে তেওঁৰ অনুতাপ উপস্থিত হৈ পাপৰ পৰাচিত কৰিবলৈ বীৰ বেশ ত্যাগ কৰি হেনো উদাসী হৈ তীৰ্থে তীৰ্থে ভ্ৰমি ফুৰিছিল৷ কেৱে কয়, তেওঁ পঞ্জাবলৈ গৈ তাতে ৰল গৈ আৰু উলটি নাহিল৷ কেৱে কয় তেওঁ হেনো তেওঁৰ ১৫০ শিখে সৈতে বৰফুকনৰ পৰা নিস্কৰকৈ মাটি বৃত্তি লৈ অসমীয়া ছোৱালী বিয়া কৰাই অসমতে ৰল৷ আমি হলে কোনটো সঠিক কব নোৱাৰাে; কিন্তু কুমেদানৰ নামটো উমাদত কৰি এতিয়াও কামৰূপৰ ঠায়ে ঠায়ে ঢুলীয়াহঁতে কেতিয়াবা কেতিয়াবা ওপৰত দিয়া তিনটা গীতত বাজেও আন গীত গায়৷ পদ্মকুমাৰীৰ সম্পৰ্কেও মানুহে কয় যে কুমেদানে পদ্মকুমাৰীৰ ৰূপত মুগ্ধ হৈ তেওঁক অঙ্কলক্ষ্মী কৰিব খুজিহে ধৰিব গৈছিল৷ আৰু মহীৰামেও হেনো সেইটো ভাবকে মনত লৈহে কুমেদানে সৈতে যুঁজ কৰি প্ৰাণ হেৰুৱাইছিল৷ নহলে কিজানি মহীৰামৰ প্ৰাণ নগলহেতেন আৰু পদ্মকুমাৰীও ৰক্ষা পৰিল হেঁতেন৷ কিন্তু আমি উপন্যাস কাৰকে জানো, যে বীৰ কুমেদানে পদ্মকুমাৰীক সাক্ষাৎ দেবী ভগবতীৰ প্ৰতিমূৰ্ত্তি যেন দেখিহে তেওঁক মা বুলি মৃত্যুৰ পৰা ৰক্ষা কৰিবলৈ ধৰিব গৈছিল৷