এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
পিছতে আকৌ “গালে—অক্ৰুৰে লৈয়া গল ৰথতে তুলি—
গোপিনী কান্দে মোৰ হা কৃষ্ণ বুলি”৷ জেঠ মহীয়া অলপ
অলপ পানীৰ বেগত গড়া খহিব ধৰিছিল৷ গীত গাই গাই
পিছুৱাই পিছুৱাই গৈ পদ্মকুমাৰী গড়াৰ পাৰ পালে৷
এনেতে পানীৰ সোঁতত তেওঁ ঠিয় হোৱা গড়াটো হুৰুম কৰে
খহি পৰিল৷ তেওঁ আৰু তেওঁৰ পিতাকৰ শৱও শূলে
সমন্বিতে পানীত পৰিল৷ প্ৰজাই হাঁয়! হাঁয়! কৰিব
ধৰিলে৷ পানীৰ সোঁতত গড়া, মানুহ, শূল, পদ্মকুমাৰী
সোপায়ে ডুবিল৷ এবাৰ নৈৰ পাকত প্ৰায় দহ নলমান
আতৰত পদ্মকুমাৰী পানীৰ তলৰ পৰা ওপঙি উঠিছিল
তেতিয়াও তেওঁ গাইছিল:⸺
“সইতে কৃষ্ণ দেৱ গোপিনীক নেৰিবা৷” আকৌ
পদ্মকুমাৰী ডুবিল৷ এইবাৰ আৰু তেওঁৰ দেহ কলৈ গল
কেৱে নেদেখিলে৷ আন কি, তেওঁৰ দেহ বা শৱ আৰু
কেৱে দেখা নাছিল৷