কুমেদানৰ তৰোৱালৰ কোবত মহীৰাম আহত হৈ অৱশ
হল৷ কুমেদানো মহীৰামৰ তৰোৱালৰ কোব এটা হাতত
লাগি তৰোৱাল এৰি দি ধাচ কৰে পৰিল৷ কুমেদানৰ
সোঁ হাত খান হাৰলৈকে কাটিলে৷ কিন্তু মহীৰামে
কুমেদানৰ তৰোৱালৰ পৰা যি আঘাত পাইছিল সি
সাঙ্ঘাতিক৷ এটা গলত, এটা কলিজাৰ ওপৰত৷ মহীৰাম
মাটিত পৰি অৱশ হল৷ মহীৰামৰ মৃত্যু ওচৰ চাপিল৷
কাতৰ কণ্ঠে পদুমীলৈ চাই কলে—“পদুম মই আহিলো৷
জননী জন্মভূমি কামৰূপ! তোমাত বিদায় মাগিলো৷ হাঁ
কামৰূপ সূৰ্য্য পিতৃ হৰদত্ত! তুমিও গ’লা৷” এই বুলি
কৈয়েই মহীৰামে অনন্ত কাললৈ চকু মুদিলে৷
পদ্মকুমাৰীৰ সেই সময়ত সুন্দৰ জ্ঞান উপস্থিত হল৷
তেওঁ কলে—“মহীৰাম! তুমিও গ’লা৷ তোমাৰ অবিহনে
পদ্ম ৰয় কেনেকৈ? বাৰু যোৱা এই বুলি কৈয়েই বৰফুকনৰ
ফালে চাই কলে—“ঐ বৰফুকন! তহঁতৰ অত্যাচাৰতে মই
আজি কামৰূপ এৰিলো, আন কি, মই অসম ৰজাকো
এৰিলো৷ জাননে, আহোম ৰজাৰ বংশ আৰু কুৰি বছৰৰ
মুৰতে ধ্বংস হব৷ আহোম ৰজাৰ নাম নুমাব৷ এই বুলি
কৈয়েই পদ্মকুমাৰীয়ে সৰুকালৰ সেই অতি মৰমৰ গীতটো
গালে “সইতে কৃষ্ণ দেৱ গোপিনীক নেৰিবা৷”
তাৰ পিছতে কলে—“বাবা ব্ৰহ্মপুত্ৰ! তোৰ কোলাত
মোক ঠাই দে৷ মাই ঔ! ৰবি, ময়ো যাব লাগিছো৷
পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১৬১
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
