পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গুণ বিচাৰ নকৰিলে। মাত্ৰ বৰফুকনক ইয়াৰ পৰা লৈ গৈ তেওঁৰ ঠাইত তোমাক পঠালে। এনেকুৱা বিলাক অন্যায় অত্যাচাৰৰ ফলত এই আহোম ৰাজ্য অচিৰতে ধ্বংস পাব। মই মা ভগবতীৰ আদেশত কলো। ” হৰদতৰ এনেকুৱা তেজঃপূৰ্ণ অভিশাপ শুনি বৰফুকনে খঙতে একো নাইকিয়া হৈ কলে :—চাওডাঙহঁত! কি চাই আছ। ইয়াক লৈ যা। শূলত দে গৈ। ”
 বৰফুকনৰ এই আদেশত আঠোটা চাওডাঙে হৰদতক টানি লৈ গল। হৰদতে আৰু কেনো মাত নামাতি চকু মুদি ইষ্টদেবীৰ ধ্যানত মগ্ন হল। চাওডাঙে তেওঁক জীয়াই জীয়াই শূলৰ ওপৰত তুলি দি সেই শূল গুহ্যদ্বাৰৰ পৰা একেবাৰে মূৰলৈকে ফুটাই দিলে। হৰদতে কোনো চিঞৰ বাখৰ নকৰাকৈ অকাতৰে শূলত প্ৰাণত্যাগ কৰিলে।
 শূলত তেওঁৰ প্ৰাণত্যাগ হৈছে মাথোঁন, এনেতে সিফালৰ পৰা উন্মত্তা পদ্মকুমাৰী লৰি পালেহি। তেওঁ মুক্তকেশী, প্ৰায় বিবস্ত্ৰা, বৰণ সোণৰ। লৰি আহি শূলত বাপেকৰ মৃত শৱটোক সাবটি ধৰিলে। কেৱে এৰাব বা বাধা দিব নোৱাৰিলে। সমস্ত প্ৰজা স্ততি! আন কি, তেওঁৰ ৰূপ লাৱন্য আৰু অবস্থা দেখি বৰফুকনো স্তম্ভিত। এনেতে পিছতে কুমেদানে খেদি আহি চিঞৰি কলে:— “মা। মা! সেইটো কৰবাৰ মৰা মানুহ। এৰি দে” এই বুলি কুমেদানে তেওঁক ধৰিবলৈ আগুৱাই গল। কুমেদানক খেদি