পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১৫৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


সেই চুঙা পানী তেনেই খাই কলে:—“অ, চৰ্দাৰ! তুমি দিয়া পানী খাই মোৰ জাত নগল নে?
 কুমেদান৷—কাঁহে তোৰ জাত যাব৷ তই কলিতা, মইভি আচল ছেত্ৰি৷
 পদ্মকুমাৰী৷ তেন্তে চৰ্দ্দাৰ বলা৷ এই বুলি কৈয়ে পদ্মকুমাৰীয়ে চুলি-টুলি মেলি লৰ ধৰিলে৷ কুমেদানো পিছে পিছে লৰি গল৷ কিন্তু পদ্মকুমাৰীক কুমেদানে ধৰিব নোৱাৰিলে৷ পদ্মকুমাৰী উন্মত্তা৷ তেওঁৰ ভৰিত আৰু গাত এটা শক্তি প্ৰবেশ কৰিছে৷ আগে আগে লৰি লৰি পদ্মকুমাৰীয়ে চেচামুখৰ বাটেদি গৈ শগুণঠুটিৰ বালি পালে৷ কুমেদানো তেওঁৰ পিছে পিছে লৰি গৈ শগুণ- ঠুটিৰ বালিত ওলাল৷


ঊনচল্লিশ অধ্যায়৷

 আজি শগুণঠুটিৰ বালি লোকে লোকাৰণ্য৷ বৰফুকন তাত নিজেই উপস্থিত৷ হৰদত্তক আহোম সেনাই ধৰি বান্ধি আনি হাজিৰ কৰিছে৷
 বৰফুকনে কলে:—“হেৰ হৰদত্ত! উইৰ দৰে মৰিবৰ কালত তোৰ পাখি গজিছিল৷ আজি সাত বছৰে তই ৰাজদ্ৰোহ কৰিলি!
 হৰদত্ত৷ —শুনা বৰফুকন! মই ৰাজাৰ দ্ৰোহ কৰা