পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১৫৫

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ধৰিব নোৱাৰিলে। মহীৰ সশস্ত্ৰে পলাই আকৌ ঝাৰণি সোমাল গৈ।
 ইফালে কুমেদানে পহে পহে গৈ হৰদত্তৰ পজাটো পালে। হৰদত্তে আত্ম-ৰক্ষা কৰোঁ বোলা হলে সহজেই আত্ম-ৰক্ষা কৰিব পাৰিলেহেঁতেন। তেওঁ তৰোৱালেৰে নিজক আৰু জীয়েকক আগুৰি কুমেদানক এৰাই আকৌ হাবিত সোমাই ৰক্ষা পাব পাৰিলেহেঁতেন। কিন্তু তেওঁ তেওঁৰ ওচৰত পৰি থকা মৃত পত্নীৰ আৰু মুচ্‌কচ্‌ গৈ পৰি থকা জীয়েকক এৰি পলাবলৈ ইচ্ছা নকৰিলে। তেওঁ জানিলে তেওঁৰ কালপূৰ্ণ হল। কুমেদানৰ লগত যোৱা আহোম ৰণুৱাহঁতে হৰদত্ত বৰুৱাক তৎক্ষণাত হাতে ভৰিয়ে বান্ধি টানি লৈ চেচামুখৰ বাটেদি গ’ল। কুমেদানে ঘৰৰ ভিতৰত সোমাই দেখিলে যে বৰুৱাণী মৃত, পদ্মকুমাৰী মূৰ্চ্চিতা। কুমেদানে বাঁহৰ চুঙাত থকা পানী পদ্মকুমাৰীৰ মূৰত আৰু চকুত ছটিয়াই পদ্ম কুমাৰীৰ চৈতন্য আনিলে। পদ্মকুমাৰীয়ে চেতন লভিয়েই বিনালে—“মাই! তইনো মোক এৰি কলৈ গলি ঔ? পিতি। তই নো কত ঔ? প্ৰাণনাথ! তুমিনো কত? ” চেতনা পাই দেখে যে কুমেদানে অতি আস্তে আস্তে ব্যস্তে সেৱা শুশ্ৰুষা কৰিছে। তেওঁ কুমেদানক চিনিপাই কলে:—কুমেদান চৰ্দ্দাৰ! তুমি ক’ৰ পৰা আহিলা? মোৰ মা আৰু পিতিক ৰক্ষা কৰিব আহিছা নে"?