পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লৰি জুপুৰিৰ ভিতৰত সোমায়ে ঢাল খাই পৰিল। কি হল কি হল বুলি জীয়েক জোঁয়ায়েক বৰুৱাই সাবটি ধৰিলে। বৰুৱাণীয়ে সেহাই সেহাই কলে মোক ফেটী সাপে খুটিলে— মই আৰু নাবাচোঁ। এই কথা শুনা মাত্ৰকে পদ্মকুমাৰীয়ে “আই ঔ! মোৰ মাইৰ কি হল ঔ! বুলি মুচকচ হৈ, পৰিল। মহীৰামে আৰু বেটীজনীয়ে “আমি সাপৰ বিষ জাৰিব পৰা বেজ লৈ আহোঁ গৈ” বুলি গাৱঁলৈ গ’ল। গাৱঁত গৈ বেজ বিচাৰে মানে ইফালে বৰুৱাণীৰ মৃত্যু হল।
 বিপদ হেনো অকলৈ নাহে। এই কথাটো ধ্ৰুব সত্য। বেজ বিচাৰিবলৈ যোৱা গাওঁ খনতে তিনি চাৰিটা শিখ আৰু দহ বাৰটা আহোম ৰণুৱাৰে সৈতে কুমেদান চৰ্দ্দাৰে হৰদত্তক ধৰিবলৈ চুপি আছিল। সিহঁতে এইটো খবৰ পাইছিল যে হৰদত্ত বৰুৱা সন্ধ্যাৰ ঝাৰত লুকাই আছে। আন কলৈকো যাব পৰা নাই। কিন্তু সন্ধ্যাৰ ঝাৰ বোলা ঝাৰনিখন প্ৰকাণ্ড কাঠনি হাবিৰে ভৰা। সেই কাঠনিৰ কোন খিনিত বৰুৱা লুকাই আছে তাৰ উৱাদিহ নাপাই কুমেদানে ধৈৰ্য্য ধৰি চোৰাং চোৱাৰ হতুৱাই সুৰাগ লৈ আছিল। এতিয়া যি মুহূৰ্ত্তেই মহীৰাম আৰু বেটীজনী গাৱলৈ আহিল, সেই মুহূৰ্ত্তেই কুমেদানে তেওঁলোক অহা বাটটো চিনি পাচ ছটা ৰণুৱাৰে সৈতে হাবি সোমাল। পাঁচছটা ৰণুৱাক গাৱঁতে মহীৰাম আৰু বেটীজনীক ধৰিবলৈ আদেশ দিলে। গাৱঁৰ কেইটাই তৎক্ষণাৎ বেটীজনীক ধৰিলে, কিন্তু মহীৰামক