পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১৫৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হল। বহাগ সোমাবৰে পৰা হৰদত বৰুৱাৰ মন আক বেয়া হল। তেওঁ এক প্ৰকাৰ মৌন-ব্ৰত লোৱাৰ দৰে ললে। খাবলৈ খুজি মাগি অনা চাউলৰ ভাত দিলেও নোখোৱাত পৰিল। ইয়াৰ কাৰণ হৈছিল যে হৰদত্তক ভাতৃ শোকে বৰকৈ পিড়িছিল; আৰু তাৰ লগতে তেওঁ জানিছিল যে তেওঁৰ আয়ুশ শেষ হইছে। তেওঁ সপোনত সঠিকত মৃত্যু হব লগীয়া হলে যি বিলাক অমঙ্গল দেখা যায় সেই সমস্তকে দেখিছিল। তেওঁ অহৰ্নিশে দুৰ্গাৰ নাম জপাত মগ্ন আছিল। তেওঁৰ আচৰণত ঘৈণীয়েক, জীয়েক, জোয়াঁয়েক বৰ বিষণ্ণ হই পৰিছিল। তেওঁলোকে ভাবিছিল যে যিমান সোনকালে পাৰে বৰুৱাক লই তাৰ পৰা গৌৰীপুৰৰ ফালে পলাব পাৰিলেই তেওঁলোকৰ দুৰ্দ্দিন গই সুদিন আহিব। হৰদত্ত কিন্তু জানিছিল যে ঘটনা চকৰিয়ে তেওঁক মৃত্যুৰ ফাললৈ টানিছে।


অষ্টাত্ৰিংশ অধ্যায়।

 এইদৰে হাবিৰ মাজত কাল কটাওঁতে জেঠ মাহ পৰিল। এদিন বৰুৱাণীয়ে জীয়েক আৰু বেটীজনীয়ে সৈতে ওচৰৰ বিললৈ পানী আনিবলৈ গল। পানী লৈ উলটি ঘৰ পাওঁ পাওঁ হঁওতেই কৰ পৰানো ওলাই এটা চকৰি-ফেটী সাপে তেওঁৰ ভৰিতে খোট মাৰি দিলে। তেওঁ উহ্‌ উহ্‌ কৰি