পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১৫২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিলৰ পৰা পানী আনে। বাহঁৰ চুঙাত ৰঙা আহু চাউল সিজায়। হাবিত গজা শাক পাচলিৰেই তৰকাৰি কৰে। মহীৰামে দিনৰ ভাগতেই শুকান গছৰ ঠানি কাটিকুটি আনি নিশা কাপোৰৰ অভাৱত জুই ধৰি ধুনি জালে। সেই ধুনিৰ চাৰিউকাষে কাটি অনা বিৰিনা পাতৰ ওপৰত সকলোটি পৰি থাকে। হৰদত্তে দিনেৰাতিয়ে কেৱল দুৰ্গাৰ নাম জপ কৰোতেই কাল নিয়াইছিল। ঘৈণীয়েক, জীয়েক, জোয়াঁয়েক এই সকলে “খা” বুলিলে খাইছিল, খাবলৈ নিদিলেও নুখুজিছিল।
 এই হাবিৰ মাজতো বিপদ আৰু অভাবৰ মাজতো মহীৰাম আৰু পদ্মকুমাৰী সুখী আছিল। অনেক সময়ত পদুমীয়ে মহীৰামৰ লগত খৰি কাঠ গোটাই আনিছিল। মাকৰ লগত গই পানীও আনিছিল। এইদৰে এই পৰিয়ালটোৰ হাবিৰ মাজতে দুমাহ গল। মহীৰাম আৰু বেটিজনীয়েই সকলো কাৰবাৰ কৰি বৰুৱা বৰুৱানীক খুৱাইছিল আৰু সুবিধা পালেই সেই হাবিৰ পৰা ওলাই গৌৰীপুৰৰ ফাললৈ বৰুৱা বৰুৱানী আৰু পদ্মকুমাৰীক লই যাবলৈ চেষ্টাত আছিল। কিন্তু উত্তৰ কামৰূপৰ চাৰিউফালে আহোম সৈন্য আৰু চোৰাং চোৱাই তেওঁ- লোকক ধৰিবলৈ ঘূৰি ফুৰিছে বুলি জানি হঠাতে সেই হাবিৰ পৰা ওলাবলৈ সাহ কৰা নাছিল।
 এইদৰে ফাগুণ গল, চত গল, বহাগ পৰিল, ১৭৯৬ শক