পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১৫১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


দেৱতা স্বৰূপ আছিল আজি সেই হৰদত্ত অনেক কামৰূপীয়া প্ৰজা আৰু বিষয়াৰ মনত অত্যাচাৰী, দেশ দ্ৰোহী, নিজে গজি উঠা বুজৰ বৰুৱা৷ আজি সেই স্বদেশ বৎসল হৰদত্তৰ মূৰটোৰ ওপৰত তেওঁক ধৰি দিয়া জনৰ নিমিত্তে এশ ছিকা ৰূপৰ বটাৰ জাননী! যি হৰদত্তে ৰূপৰ বাসনতহে আহাৰ কৰিছিল আজি সেই হৰদত্তৰ আহাৰ বনৰীয়া কৌ পাতত৷ সেই আহাৰো আকৌ পূব কচাৰী মহলৰ কচাৰীহঁতৰ বস্তিৰ পৰা মনে মনে খুজি অনা ৰঙা আহু চাউল আৰু বনৰীয়া শাকৰ৷ তাকো আকৌ সদায় নিমিলা৷ যি হৰদতে দিনটোত তিন চাৰি সাজ চৰ্ব্ব চুষ্য লেহ্য-পেয় খাইছিল, সেই হৰদতে আজি কালি মাজে মাজে লঘোনেও থাকিব লগা হৈছিল৷ যি হৰদত্তৰ অসংখ্য ঘৰ দুৱাৰ মঠ মন্দিৰ আছিল আজি সেই হৰদত্তৰ কপালত জোৱাঁয়েক আৰু পদ্মকুমাৰীৰ হাতধৰী লিগিৰী জনীয়ে সজা পজা এডোখৰ৷ হায় গ্ৰহফল! হায় নিয়তিৰ চকৰি! হায় কৰ্ম্মফল! তোমালোকক বুজা টান৷ প্ৰভু ভগবন্ত! তোমাৰ মহিমা দুৰ্জ্ঞেয়৷
 হৰদত্ত এইদৰে সন্ধাৰ ঝাৰৰ কাঠনি হাবিৰ মাজত ৰল৷ বেটীজনীয়ে আৰু মহীৰামে মাজে মাজে অতি সতৰ্কৰে ওলাই অচিনাকি বেশ লৈ স্বভাবৰ অজলা সেই পূব কচাৰি মহলৰ কছাৰি সকলৰ পৰা চাউল খুজি খুজি নিয়ে৷ বাঁহৰ চুঙাত, পদ্মকুমাৰী, বেটীজনী, বৰুৱানী সকলোৱে ওচৰৰ