পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১৫০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


পুটি লৈ হৰদত্তৰ ঘৰ আৰু হাউলিবিলাকত জুই লগাই দিলে৷ হৰদত্তৰ বেটী বন্দী যি আছিল সেই সকলে আগেয়ে যেয়ে যিপিনে পালে সেই পিনে পলাইছিল৷ বৰফুকনে হৰদত্তক বিচাৰি ধৰিবলৈ এশ আহোম ৰণুৱা আৰু চোৰাং চোৱা আৰু কুমেদানে সৈতে দহজন শিখক এমাহলৈ উত্তৰ কামৰূপৰ ভিতৰত থাকিবলৈ হুকুম দি, আৰু যেয়ে হৰদত্তক ধৰি দিব পাৰে তাকে শিকা ৰূপ এশ দিম বুলি ঢোল পিটি শুনাই দি গুৱাহাটীলৈ উলটিল৷


সাতত্ৰিংশ অধ্যায়৷
নিয়তি চক্ৰ৷

 যি হৰদত্ত বৰুৱাই উত্তৰ কামৰূপত বৰফুকনৰ শাসন উচ্ছেদ কৰি আজি সাত বছৰে নিজৰ হাউলিত বেটি-বন্দীয়ে পৰিবৃত হৈ উত্তৰ কামৰূপত ৰাজত্ব কৰিছিল, যি হৰদত্ত একালত কামৰূপীয়া প্ৰজাৰ ৰঞ্জিত বীৰ আছিল, নিয়তিৰ চকৰিত, গ্ৰহ বৈগুণ্যত সেই হৰদত আজি অটব্য অৰণ্য- বাসী! যি হৰদতে তাজি সাত বছৰে বৰফুকণক বাৰে বাৰে যুঁজত ঘটুৱাই কামৰূপীয়াৰ গৌৰৱ ৰক্ষা কৰি আছিল, সেই হৰদত্তই আজি বৰফুকনে দিয়া নাম মতে এজন সামান্য “বিদ্ৰোহী দন্দুৱা” অৰ্থাৎ বীৰ নহয়, এজন দন্দ কৰা ঢেকেৰী মাথোন৷ যি হৰদত এদিন কামৰূপীয়া প্ৰজাৰ মনত